No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- মহানগৰীৰ বশিষ্ঠত পুৱাই বিধ্বংসী অ*গ্নি*কা*ণ্ড। পাটৰকুচিৰ ৭নং গলিত এটা ৰবৰৰ গুদামত সংঘটিত হয় এই ঘটনা। এই ভয়ংকৰ অ*গ্নিত ভস্মীভূত লক্ষাধিক টকাৰ সামগ্ৰী।
- গৌৰৱ গগৈ, কুনকী চৌধুৰীক পুনৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।তেওঁ কয় যে, গৌৰৱ গগৈৰ পাকিস্তানী লিংক বহুত ষ্ট্ৰং।গৌৰৱ গগৈৰ সমৰ্থনত পাকিস্তানী মিডিয়াই প্ৰচাৰ চলায় বুলি কয় মুখ্যমন্ত্ৰীয়ে।
- অসমত বৃদ্ধি পাব বিধানসভা আৰু লোকসভা সমষ্টিৰ সংখ্যা।৬৩টা সমষ্টি বৃদ্ধি হোৱাৰ ইংগিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অহা ১৪ এপ্ৰিলত সংসদত এই সম্পৰ্কীয় বিধেয়ক উত্থাপন হ’ব।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে এই কথা।
- গুটখাৰ দামক লৈ হোৱা বিবাদৰ পৰা উদ্ভৱ হৈছে দিল্লীত এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ গোচৰ। আৰক্ষীয়ে জনোৱা মতে, শুকুৰবাৰে (৩ এপ্ৰিল) উত্তৰ-পশ্চিম দিল্লীৰ আজাদপুৰ মণ্ডী অঞ্চলত চাহ বিক্ৰেতাই এজন ৩৫ বছৰীয়া যুৱকক ছুৰীৰে আঘাত কৰি হ*ত্যা কৰে। ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।
- আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধত উত্তেজনা পুনৰ বৃদ্ধি পাইছে। এক বাতৰি অনুসৰি, ইজৰাইলৰ পৰৱৰ্তী বিমান আক্ৰমণত ইৰাণৰ শক্তি খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। বিদ্যুৎ আৰু শক্তি কেন্দ্ৰ আৰু বিতৰণ নেটৱৰ্কক আক্ৰমণ কৰাৰ প্ৰস্তুতি চলি আছে। আগন্তুক কেইদিনমানৰ ভিতৰত এই আক্ৰমণ আৰম্ভ হ’ব পাৰে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দিয়া ৪৮ ঘণ্টীয়া আলটিমেটাম অনুসৰি এই আক্ৰমণ সংঘটিত হ’ব।
No Result
View All Result