No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- আজি কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ বৃহৎ নিৰ্বাচনী প্ৰচাৰ। উজনি আৰু উত্তৰ অসমত প্ৰচাৰ চলাব নাড্ডাই। তিনিচুকীয়াৰ ৰূপাই হাইস্কুল খেলপথাৰত জে পি নাড্ডাই সম্বোধন কৰিব প্ৰথমখন নিৰ্বাচনী সভা।
- আজি মাকুমত প্ৰচাৰ চলাব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। পানীতোলাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ প্ৰচাৰ সভা। দলীয় প্ৰাৰ্থী সঞ্জয় কিষানৰ হৈ প্ৰচাৰ চলাব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ইয়াৰ পাছতে বিয়লি ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰীৰ জনসভাত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। বিয়লি প্ৰধানমন্ত্ৰীয়ে ডিব্ৰুগড়ত সম্বোধন কৰিব জনসভা।
- অন্তিম নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। সন্ধিয়া কুম্ভীৰগ্ৰামত উপস্থিত হ’ব অমিত শ্বাহ। শিলচৰৰ বৰাইল ভিউ হোটেলত নিশা কটাব অমিত শ্বাহে। পাথাৰকান্দিত প্ৰথমখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে।
- ইৰাণৰ ভিতৰত আমেৰিকাৰ সেনাই অতি বিপদজনক আৰু সাহসী উদ্ধাৰ অভিযান চলাইছিল। ৪ এপ্ৰিলত নিশা আমেৰিকাৰ বিশেষ অভিযান বাহিনীয়ে ইৰাণত আৱদ্ধ হৈ থকা এজন নিৰুদ্দেশ বায়ুসেনাৰ বিষয়াক নিৰাপদে উদ্ধাৰ কৰে। সমগ্ৰ অভিযানটোত উদ্ধাৰকাৰী দলৰ কোনো সদস্য আহত হোৱা নাই, আৰু আহত বিষয়াজনক চিকিৎসাৰ বাবে পোনপটীয়াকৈ কুৱেইটলৈ বিমানেৰে লৈ যোৱা হয়।
No Result
View All Result