সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
উত্তৰ কৰিমগঞ্জ সমষ্টিৰ এটা ভোটকেন্দ্ৰত আজি পুনৰ চলিছে বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ২৩৯ নং বেবিল্যান্ড বিদ্যালয়ত পুনৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা আবেলি ৫ বজালৈ চলিব ভোটগ্রহণ।জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ৫৮(২)(এ) অনুসৰি পুনৰ ভোটগ্ৰহণৰ সিদ্ধান্ত। যোৱা ৯ এপ্ৰিলৰ ভোটগ্ৰহণৰ সময়ত কেন্দ্ৰটোত ‘বুথ কেপচাৰৰ’ অভিযোগ উত্থাপন হৈছিল।বুথ দখলৰ অভিযোগত পুনৰায় ভোট গ্ৰহণৰ আৰ্জি দিছিল ডিষ্ট্ৰিক ৰিটাৰনিং অফিচাৰে।সেইমৰ্মে নিৰ্বাচন আয়োগৰ সচিবালয়ে ভোট গ্ৰহণৰ নিৰ্দেশ দিয়ে।
পশ্চিমবংগৰ নিৰ্বাচনৰ পূৰ্বে এই ঘোষণা অভিষেক বেনাৰ্জীৰ। তেওঁ কয় যে, চৰকাৰ পুনৰবাৰ হ’লে কৰ্তন কৰা ৯০লাখ লোকৰ নাম পুনৰ তালিকাত উঠাই দিয়া হ’ব। লগতে কয় যে, ৯০লাখ সন্দেহজনক লোকক পুনৰ পৰিচয় দিব মমতা চৰকাৰে। SIRত নাম কটা যোৱাসকলক লৈ এই ঘোষণা কৰে মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জীয়ে।ভোটাৰক আকৃষ্ট কৰাৰ বাবে নতুন পন্থা অৱলম্বন অভিষেক বেনাৰ্জীৰ।
ইৰাণৰ সৈতে আমেৰিকাই দুসপ্তাহৰ যুদ্ধবিৰতিত উপনীত হ’লেও ইজৰাইলে লেবাননত হিজবুল্লাহৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। ইইজৰাইলে স্পষ্ট কৰি দিছে যে এই যুদ্ধবিৰতি লেবাননত তেওঁলোকৰ সামৰিক অভিযানৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও স্পষ্ট কৰি দিছে যে লেবানন এই যুদ্ধবিৰতিৰ অংশ নহয়।














