আকৌ হ’ব নেকি তৃতীয় বিশ্ব যুদ্ধ? যিকোনো মুহূৰ্তত ইজৰাইলত আক্ৰমণ চলাব পাৰে ইৰাণে। ইজৰাইলত আক্ৰমণ কৰিলে কোন কোন দেশে সহায় কৰিব ইৰাণক? কোন কোন দেশ থাকিব ইজৰাইলৰ পক্ষত?
হামাছৰ মুৰব্বী হানিয়াৰ মৃত্যুৰ পিছতেই ইজৰাইলৰ বিৰুদ্ধে গৰজি উঠিছে ইৰাণ। ইজৰাইলত আক্ৰমণ কৰাৰ একপ্ৰকাৰ ভাবুকি দিছে ইৰাণে। এনে ক্ষেত্ৰত ইৰাণে আক্ৰমণ চলালে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হব বুলি হুংকাৰ দিছে ইজৰাইলে। আক্ৰমণৰ আশংকাৰ মাজতে চৰ্চা চলিছে আব্ৰাহাম এলায়েন্সৰ।
কি এই আব্ৰাহাম এলায়েন্স
কেইদিনমান পূৰ্বে আমেৰিকাৰ কংগ্ৰেছত আব্ৰাহাম এলায়েন্সৰ বিষয়ে উল্লেখ কৰিছিল ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুয়ে। দীৰ্ঘদিন ধৰি উত্তেজনাপূৰ্ণ হৈ আছে ইৰাণ আৰু ইজৰাইলৰ সম্পৰ্ক। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে কূটনৈতিকভাৱে ইৰাণক অন্য দেশসমূহৰ পৰা বিচ্ছিন্ন কৰিবলৈ চেষ্টা চলাই আহিছে।
ইজৰাইলে ইৰাণ আৰু ইয়াৰ মিত্ৰশক্তিৰ ভাবুকিৰ মোকাবিলা কৰিবলৈ আমেৰিকাৰ মধ্যস্থতাত নাটো সদৃশ সংস্থা গঠনৰ চেষ্টা চলাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ইজৰাইলে ২০২০ চনত ইৰাণৰ আক্ৰমণৰ পিছতে আব্ৰাহাম চুক্তিৰ আধাৰত আব্ৰাহাম এলায়েন্স গঠন কৰে।
এই আব্ৰাহাম এলায়েন্সৰ মূল উদ্দেশ্য আছিল আৰৱ দেশসমূহৰ সৈতে ইজৰাইলৰ সম্পৰ্ক উন্নত কৰা। আব্ৰাহাম এলায়েন্সত অন্তৰ্ভুক্ত হৈছিল ইউ.এ.ই., বাহৰেইন, মৰক্কো আৰু চুদানৰ দৰে দেশ। আমেৰিকাৰ মধ্যস্থতাত স্বাক্ষৰিত চুক্তিখনত আন আৰৱ দেশসমূহো অন্তৰ্ভুক্ত হোৱাৰ আশা কৰা হৈছিল।
হামাছৰ মুৰব্বী হানিয়াৰ মৃত্যুৰ পিছত প্ৰতিশোধ ল’বলৈ উদ্বাউল হৈ পৰিছে ইৰাণ। এনে সময়তে শত্ৰুৰাষ্ট্ৰৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ আব্ৰাহাম এলায়েন্সৰ বাবে আমেৰিকা আৰু ব্ৰিটেইনৰ ওপৰত হেচা প্ৰয়োগ কৰিব বিচাৰিছে ইজৰাইলে।