সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
বহাগ হ’ল অসমীয়া জাতিৰ আয়ুস ৰেখা, গণজীৱনৰ সাহ। বহাগ মানেই নতুন আশাৰ বতৰা, নতুন জীৱনৰ আৰম্ভণি। ৰাজ্যজুৰি এতিয়া বহাগ বিহুৰ আগমনৰ উন্মাদনাই বিৰাজ কৰিছে। প্ৰকৃতিয়েও যেন হাত বাউলি দি মাতিছে ডেকা-গাভৰুক। আজি ব’হাগ বিহুৰ উৰুকা, কাইলৈ গৰু বিহু। ইতিমধ্যে ৰাজ্যৰ চৌদিশে দেখা গৈছে ব্যাপক উৎসাহ-উদ্দীপনা।
উত্তৰপ্ৰদেশৰ গাজিয়াবাদত ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত বিবাহযাত্ৰীৰ বাহন। গাজিয়াবাদৰ পৰা বুলন্দ চহৰলৈ গৈ আছিল বিবাহযাত্ৰীৰ দলটো। চকুৰ পচাৰতে বিষাদত পৰিণত হ’ল আনন্দ। ট্ৰাকত খুন্দা মাৰি ৰাজপথত বাগৰি পৰে বাহনখন। দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ৬ জনকৈ লোকে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৭ জন লোক।












