ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
১৯৯৪- ভাৰতকে ধৰি ১০৯ খন দেশে GATT চুক্তি অনুমোদন কৰে।
১৯৯৮- থাম্পি গুৰু নামেৰে জনপ্ৰিয় ফ্ৰেড্ৰিখ লেংগেৰ মৃত্যু হয়।
১৯৯৯- পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেনজিৰ ভুট্টো আৰু তেওঁৰ স্বামী আছিফ আলী জৰ্দাৰীক চৰকাৰী চুক্তিত উৎকোচ দিয়াৰ অপৰাধত ৫ বছৰৰ কাৰাদণ্ড বিহা হয়। পাকিস্তানে নিজৰ দ্বিতীয়টো পাৰমাণৱিক ক্ষমতাসম্পন্ন ক্ষেপণাস্ত্ৰ শ্বাহীন-১ পৰীক্ষা কৰে।
২০০০- হাভানাত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ সহযোগিতাৰ আহ্বান জনাই জি-৭৭ শীৰ্ষ সন্মিলনৰ সামৰণি পৰে।
২০০৩- ব্ৰিটেইনৰ আইৰিছ ৰিপাব্লিকান আৰ্মীয়ে আত্মসমৰ্পণৰ সিদ্ধান্ত লয়।
২০০৪- ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ সৈতে জড়িত এল টি টি ই উগ্ৰপন্থী ভি মুৰালিথাৰণক কলম্বোত হত্যা কৰা হয়।
২০০৬- জাকাৰ্টা সন্মিলনত ইণ্টাৰপলে দুৰ্নীতি বিৰোধী একাডেমী স্থাপনৰ প্ৰস্তাৱ আগবঢ়ায়।
২০০৮- দ্বিতীয় পৰ্যায়ৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাই ৰাজ্যসভাৰ অধ্যক্ষ মহম্মদ হামিদ আনছাৰীয়ে ৫৫ জন নৱনিৰ্বাচিত সদস্যৰ ভিতৰত ৫০ জন সদস্যক পদৰ শপত গ্ৰহণ কৰে।
২০১০- ভাৰতৰ প্ৰথমটো থলুৱাভাৱে নিৰ্মিত ক্ৰাইজেনিক ৰকেট GSLV-D3 উৎক্ষেপণ ব্যৰ্থ হয়।











