No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- আজি অসমৰ পৰা মক্কালৈ ৰাওনা হ’ব ২৫৬৯ গৰাকী হজযাত্ৰী। অসম তথা উত্তৰ-পূৱৰ ৫ ৰাজ্যৰ হজযাত্ৰী মক্কালৈ ৰাওনা হ’ব। হজযাত্ৰী সকলৰ ভিতৰত আছে ১৭৬৫ গৰাকী পুৰুষ, ৮০৬ গৰাকী মহিলা।বৰঝাৰ বিমান বন্দৰৰ পৰা ৰাওনা হ’ব হজযাত্ৰীসকল।১৮ এপ্ৰিলত শ্ৰীনগৰৰ হজযাত্ৰী সকলেও উৰা মাৰিব মক্কালৈ।
- জুবিন গাৰ্গৰ নামত পাণ্ডু বিহু সন্মিলনীৰ উৎসৰ্গা। জুবিন গাৰ্গ ৰে’লৱে বিহুতলী নামেৰে নামকৰণ বিহুতলীখন।এই অনুষ্ঠানত কবিতাৰ জৰিয়তে জুবিন গাৰ্গৰ স্মৃতি সুঁৱৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গে।৬৫ সংখ্যক এই পাণ্ডু বিহু সন্মিলনীত জুবলী বৰুৱায়ো সংগীত পৰিৱেশন কৰে।
- আজি কংগ্ৰেছৰ বিৰুদ্ধে দেশজুৰি চলিব বিজেপিৰ প্ৰতিবাদ।মহিলাৰ আসনৰ সংৰক্ষণ বিধেয়ক গৃহীত নোহোৱাক লৈ ক্ষোভত এই প্ৰতিবাদত অংশ ল’ব বিজেপিয়ে।এই বিধেয়কৰ বিৰোধিতা কৰি নাৰী সমাজক অপমান কৰাৰ অভিযোগ দিছে বিজেপিয়ে। ২০২৯ৰ লোকসভা নিৰ্বাচনত নাৰী সমাজে বিৰোধীক ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি মন্তব্য অমিত শ্বাহৰ।
- ৩ জুলাইৰ পৰা আৰম্ভ হব পৱিত্ৰ অমৰনাথ তীৰ্থযাত্ৰা। এই তীৰ্থযাত্ৰাৰ বাবে ভাৰত আৰু বিদেশৰ তীৰ্থযাত্ৰীসকলৰ সুৰক্ষাৰ বাবে শক্তিশালী নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। জম্মু-কাশ্মীৰ আৰক্ষীৰ মাউণ্টেন ৰেচকিউ টিম আৰু এছডিআৰএফে যিকোনো জৰুৰীকালীন বা প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।অমৰনাথ তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ জম্মুৰ পাহাৰীয়া ভূখণ্ডত কৰ্মীসকলক বিশেষভাৱে প্ৰশিক্ষণ দিয়া হৈছে।
- হৰমুজ সংকটৰ মাজতে আমেৰিকাই ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ ক্ষেত্ৰত ভাৰতৰ ৰেহাই বৃদ্ধি কৰিছে। ট্ৰেজাৰী সচিব স্কট বেছাণ্টে আমেৰিকাই এই ৰেহাই বৃদ্ধি নকৰে বুলি উল্লেখ কৰাৰ দুদিন পিছতে ট্ৰাম্প প্ৰশাসনৰ এই সিদ্ধান্ত। আমেৰিকাই এই ৰেহাই প্ৰায় এমাহৰ বাবে বৃদ্ধি কৰিছে। ট্ৰাম্পৰ কোষাগাৰ সচিব স্কট বেছাণ্টে ৰাজহুৱাভাৱে ইংগিত দিয়াৰ মাত্ৰ দুদিন পিছতে এই পদক্ষেপ লোৱা হৈছে।
No Result
View All Result