ৰাষ্ট্ৰীয় ৰাজনীতিত পুনৰ উত্থাপিত হৈছে “নাৰীৰ ক্ষমতা”ৰ বিষয়টো। সাংবিধানিক সংশোধনী বিধেয়ক (নাৰী শক্তি বন্দন আইন) লোকসভাত গৃহীত হোৱাত ব্যৰ্থ হোৱাত কঠোৰ স্থিতি গ্ৰহণ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। দুই তৃতীয়াংশ ভোট লাভ নকৰাত গৃহীত নহয় এই বিধেয়ক। বিৰোধীৰ বাধাত লোকসভাত গৃহীত নহয় মহিলাৰ আসন সংৰক্ষণ বিধেয়ক।বিধেয়কখনৰ সপক্ষত ৪৮৯জন সাংসদৰ ভিতৰত ২৭৮জন সাংসদে ভোটদান কৰে আৰু বিপক্ষত ২১১জন সাংসদে ভোটদান কৰে।
আজিৰ পৰা সমগ্ৰ দেশতে বিৰোধীৰ বিৰুদ্ধে বৃহৎ পৰিসৰৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপিয়ে। প্ৰতিবাদক গতি প্ৰদান কৰিবলৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, ৰাষ্ট্ৰীয় উপ-সভাপতি নীতিন নবীন, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজু, কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানকে ধৰি কেইবাজনো বিশিষ্ট নেতাই অংশগ্ৰহণ কৰে।
লোকসভাত বিধেয়কখন গৃহীত নোহোৱাত গভীৰ অসন্তুষ্টি প্ৰকাশ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। ছ’চিয়েল মিডিয়া আৰু তেওঁৰ বক্তব্যৰ জৰিয়তে তেওঁ অভিযোগ কৰে যে, কংগ্ৰেছ, টিএমচি, ডিএমকে, আৰু সমাজবাদী পাৰ্টিয়ে এই গুৰুত্বপূৰ্ণ বিধেয়কখন গৃহীত কৰাত বাধা প্ৰদান কৰিছিল। তেওঁ এই কাণ্ডক “অদ্ভুত আৰু নিন্দনীয়” বুলি অভিহিত কৰি কয় যে, মহিলাৰ বাবে ৩৩% সংৰক্ষণ বন্ধ কৰি লোৱা আৰু তাৰ পিছত ইয়াক উদযাপন কৰাটো দেশৰ আধা জনসংখ্যাৰ অপমান।
বিৰোধীৰ জয় সাময়িক বুলি স্পষ্ট সতৰ্কবাণী জাৰি কৰিলে অমিত শ্বাহে। তেওঁ কয় যে, মহিলা শক্তিৰ এই অপমান বহু দূৰ আগুৱাই যাব। ২০২৯ চনৰ লোকসভা নিৰ্বাচনতে নহয়, আগন্তুক প্ৰতিটো নিৰ্বাচনতে, আৰু প্ৰতিটো স্তৰতে বিৰোধীয়ে নাৰীৰ এই ক্ষোভৰ সন্মুখীন হ’ব লাগিব।
ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ সকলো মিত্ৰশক্তিয়েও বিজেপিৰ এই দেশজোৰা আন্দোলনত অংশগ্ৰহণ কৰিব। বিজেপিৰ অভিযোগ যে, কংগ্ৰেছে বাৰে বাৰে নাৰী স্বাৰ্থৰ বিৰুদ্ধে কাম কৰি এইবাৰো নিজৰ অতীতৰ ইতিহাস পুনৰাবৃত্তি কৰিছে। এই বিধেয়কৰ বিৰোধিতা কৰি বিৰোধীয়ে নাৰী সমাজক অপমান কৰিছে বুলি অভিযোগ দিয়ে বিজেপিয়ে।










