এফালে ইৰাণ আৰু আমেৰিকাই পাকিস্তানৰ শান্তি নীতিৰ অধীনত পুনৰ এবাৰ আলোচনালৈ অহাৰ ইংগিত দিয়াৰ ২৮ ফেব্ৰুৱাৰীত ইজৰাইল-আমেৰিকাৰ আক্ৰমণৰ পিছত চৰকাৰৰ সমৰ্থনত আৰু আমেৰিকা-ইজৰাইলৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ অব্যাহত ৰাখিছে ইৰাণৰ জনতাই।
এই প্ৰতিবাদ কেৱল এখন বা দুখন চহৰত নহয়, কেইবাখনো চহৰত হয়। ৰাজধানী তেহৰাণৰ পৰা পশ্চিমৰ উৰ্মিয়া, লৰেষ্টান, কেৰমানশ্বাহ, চলদাৰান, ছালমাছ, ইলাম, ইছফাহান, খোৰামাবাদলৈকে মাজনিশা ইৰাণৰ পতাকা লৈ ৰাজপথলৈ ওলাই আহি বিক্ষোভ প্ৰদৰ্শন কৰে হাজাৰ হাজাৰ লোকে। এই প্ৰতিবাদত বন্দুক লৈ মহিলাসকলে ৰেলীত ভাষণ দিয়া আৰু ইৰাণী সেনাৰ সমৰ্থনত বক্তব্য দিয়া দেখা গৈছিল।
ইছফাহান আৰু ইলামত ইৰাণৰ পতাকা লৈ হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই অহাৰ বিপৰীতে খোৰামাবাদৰ ৰাজপথত নামাজ পঢ়া হয়। ইৰাণৰ চলদাৰানত আয়াতুল্লাহ আলীৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ দাবীত এক শক্তিশালী বিক্ষোভ প্ৰদৰ্শন কৰি বৃহৎ সংখ্যক লোক ৰাজপথলৈ ওলাই আহে।
আমেৰিকাৰ নৌসেনাৰ অৱৰোধ অব্যাহত ৰখাৰ সন্দৰ্ভত ট্ৰাম্পে দিয়া বক্তব্যৰ পিছতে তেহৰানৰ মেয়ৰ ৰেজা জাকানীয়ে টুইটাৰত পোষ্ট কৰে যে, আলোচনাৰ টেবুলখনক কেৱল আলোচনাৰ মাধ্যম বুলি নহয়, যুদ্ধক্ষেত্ৰৰ সম্প্ৰসাৰণ বুলি গণ্য কৰা উচিত। তেওঁ লগতে কয় যে, ইছলামিক বিপ্লৱৰ নেতা খামেনেইৰ চিন্তাধাৰা অনুসৰি তেওঁৰ অনুমোদন আৰু নিৰ্দেশনা অবিহনে কোনো ডাঙৰ সিদ্ধান্ত ল’ব নালাগে।
তেহৰাণৰ মেয়ৰে আৰু কয় যে ট্ৰাম্পৰ ভাবুকি আৰু হেঁচাত বলি হোৱাৰ পৰিৱৰ্তে সাহসী আৰু সক্ৰিয় জনসাধাৰণ আৰু জনসাধাৰণৰ ক্ষমতাৰ ওপৰত আস্থা ৰাখিব লাগে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ইৰাণৰ ওপৰত নৌসেনাৰ অৱৰোধৰ আমেৰিকাৰ দাবী যদি সঁচা হয় তেন্তে ইয়াৰ অৰ্থ স্পষ্টভাৱে যুদ্ধবিৰতি ভংগ হৈছে। আমি যুদ্ধৰ অৱস্থাত আছো, আৰু ইয়াৰ প্ৰতি একে স্তৰতে সঁহাৰি দিয়া উচিত।
ট্ৰাম্পে অৱৰোধ অব্যাহত ৰখাৰ ঘোষণাৰ পিছত ইৰাণ চৰকাৰে পৰৱৰ্তী ৰাউণ্ডৰ আলোচনাৰ বাবে ইছলামবাগলৈ আগবাঢ়িব নে পাকিস্তানৰ জৰিয়তে আমেৰিকালৈ কোনো নতুন চৰ্ত প্ৰেৰণ কৰিব সেয়া হ’ব লক্ষ্যণীয়।











