অভিশপ্ত ১১ ব’হাগ। দুপৰ নিশালৈকে হাঁহি–মাতি ৰাংঢালী হৈ নাচি ফুৰা যুৱতীগৰাকীৰ বাবে আধা বাটতে যেন ৰৈ আছিল যমদূত। ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল নিশামণি।
তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত নিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। তামুলপুৰৰ বাঙালীপাৰলৈ বিহু প্ৰদৰ্শনৰ বাবে গৈ থকা অৱস্থাতে দুৰ্ঘটনাতত পতিত হয় নলবাৰীৰ হাৰিভাঙাৰ ‘ভাস্কৰজ্যোতি বিহু হুঁচৰি দল’।
এই বিহু দলটোৱে এখন ট্ৰেভেলাৰ বাহনেৰে গৈ থকা অৱস্থাতে বিপৰীত দিশৰ পৰা অহা এখন দ্ৰুতবেগী ট্ৰেইলাৰৰ সৈতে মুখামুখী সংঘৰ্ষ হোৱাৰ ফলতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। এই মৰ্মান্তিক দুৰ্ঘটনাত দলটোৰ নাচনী নিশামণি হালৈৰ থিতাতে মৃত্যু হয়। লগতে আন ১১ গৰাকী বিহুৱা-বিহুৱতী গুৰুতৰভাৱে আহত হয়।
উল্লেখ্য যে, নিশামণি হালৈ বিহু নাচনীৰ লগতে এগৰাকী জনপ্ৰিয় নাগাৰা নামৰ শিল্পী, চুটি ছবিৰ অভিনেত্ৰীও আছিল। তেওঁৰ ঘৰ তামুলপুৰ জিলাৰ নিজ ঝাৰগাঁওত বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, ট্ৰেভেলাৰখনত মুঠ সদস্য আছিল ৩০ জন। দুৰ্ঘটনাত আহত অৰুণ মেধি, বিদ্যুৎ দাস, জগত ৰায়, চালক পংকজ বৈশ্য, অংকিতা দাস, ৰতন কলিতা, নিতু বৰুৱা, শিৱানী বৰুৱা, কাব্যশ্ৰী চাৰুৱা আৰু দিবাকৰ মৰাণৰ ভিতৰত ৫ জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।
বিহুৰ আনন্দৰ উল্লাসৰ মাজতে সংঘটিত এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।নিশামণি হালৈৰ ঘৰৰ আৰ্থিক অৱস্থাৰ বাবে একলাখ টকাত নলবাৰীৰ ভাস্কৰজ্যোতি বিহুৱা দলৰ সৈতে চুক্তিৱদ্ধ হৈছিল। নিশামণি হালৈৰ প্ৰতি শ্ৰদ্ধা জনাই সমগ্ৰ অঞ্চলটোত সকলো সাংস্কৃতিক অনুষ্ঠান বাতিল কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে।










