‘গ’ল্ডেন বয়’ৰূপে পৰিচিত ভাৰতীয় তাৰকা এথলীট নীৰজ চোপ্ৰাই পেৰিছ অলিম্পিকৰ জেভলিন থ্ৰ’ প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আজি অনুষ্ঠিত কোৱালিফায়িং ৰাউণ্ডত নীৰজে প্ৰথমটো প্ৰচেষ্টাতে এই সফলতা লাভ কৰে।
কোৱালিফায়িং ৰাউণ্ডৰ গ্ৰুপ বি’ত থকা নীৰজে প্ৰথম প্ৰচেষ্টাত ৮৯.৩৪ মিটাৰলৈ জেভলিন দলিয়াই ফাইনেলত প্ৰৱেশ কৰে। অহা ৮ আগষ্টৰ নিশা ১১.৫৫ বজাত স্বৰ্ণ জয়ৰ লক্ষ্যৰে ট্ৰেকত নামিব নীৰজ।
উল্লেখ্য যে, চলিত ছিজনৰ এইটোৱে আছিল নীৰজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। ইয়াৰ পূৰ্বে চলিত বৰ্ষতে নীৰজে ৮৮.৩৬ মিটাৰ জেভলিন দলিয়াইছিল।
সাম্প্ৰতিক সময়ৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই টকিঅ’ অলিম্পিকত ৮৭.৫৮ মিটাৰলৈ জেভলিন দলিয়াই স্বৰ্ণ পদক লাভ কৰিছিল। কিন্তু এইবাৰৰ অলিম্পিকৰ কোৱালিফায়িং ৰাউণ্ডত নীৰজে অনায়াসে টকিঅ’ অলিম্পিকৰ দূৰত্ব অতিক্ৰম কৰাত দ্বিতীয়বাৰৰ বাবে নীৰজৰ জৰিয়তে স্বৰ্ণ পদক লাভ কৰিব বুলি যথেষ্ট আশাবাদী ভাৰতৰ ক্ৰীড়ানুৰাগী।
উল্লেখ্য যে, নীৰজ চোপ্ৰাই টকিঅ’ অলিম্পিকত এথলেটিকছত ভাৰতৰ হৈ প্ৰথমটো অলিম্পিক স্বৰ্ণ জয় কৰি ইতিহাস ৰচিছিল। অলিম্পিকত আকৰ্ষণীয় প্ৰদৰ্শনৰ পিছত ২০২২ চনত ডাইমণ্ড লীগ খিতাপ আৰু ২০২৩ চনত এছিয়ান গেমছৰ স্বৰ্ণ পদক লাভ কৰি জিলিকি উঠিছিল নীৰজ। এতিয়া তেওঁ জেভেলিন থ্ৰ’ত বৰ্তমানৰ বিশ্ব চেম্পিয়ন হিচাপে পেৰিছ অলিম্পিকত অংশ লৈছে।