No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- ১২ মে’ত গুৱাহাটীৰ খানাপাৰা খেলপথাৰত হ’ব বিজেপি চৰকাৰৰ শপতগ্ৰহণ সমাৰোহ। এই শপতগ্ৰহণ সমাৰোহৰ বাবে খানাপাৰাত ব্যাপক প্ৰস্তুতি চলায় থকা হৈছে। খানাপাৰা খেলপথাৰত বিশাল পেণ্ডেল নিৰ্মাণৰ যো-জা চলাইছে বিজেপিয়ে। এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ কেন্দ্ৰৰ বহু কেইগৰাকী ৰাষ্ট্ৰীয় নেতা।
- আজি কলকাতাত অনুষ্ঠিত হ’ব বিজেপিৰ বিধায়িনী দলৰ বৈঠক। গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত হ’ব এই বৈঠক। বৈঠকত নিৰ্বাচিত হ’ব বিধায়িনী দলৰ নেতা। চৰকাৰ গঠনৰ বাবে কুচকাৱাজ আৰম্ভ বিজেপিৰ। ৯ মে’ত আছে নতুন চৰকাৰৰ শপতগ্ৰহণ।
- বিজেপি বিধায়ক সুবেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথৰ হত্যাকাণ্ডই পশ্চিমবংগত ৰাজনৈতিক অশান্তিৰ সৃষ্টি কৰিছে। বিজেপি আৰু টিএমচিৰ কাৰ্যকৰ্তাৰ মাজত সংঘৰ্ষ বৃদ্ধি হৈছে। ইফালে, এআইএমআইএমৰ মুখপাত্ৰ ৱাৰিছ পাথানে এক বিবৃতি প্ৰকাশ কৰি কয় যে তেওঁ সকলো ধৰণৰ হিংসাক নিন্দা কৰিছে আৰু নিন্দা কৰি যাব। যিকোনো মূল্যৰ বিনিময়ত হিংসা পৰিহাৰ কৰিব লাগে বুলি তেওঁ উল্লেখ কৰে।
- ইৰাণে হৰমুজ জলদ্বীপৰ বাবে নতুন ব্যৱস্থা গঢ়ি তুলিছে। ইয়াৰ বাবে নতুন কৰ্তৃপক্ষ গঠন কৰা হৈছে। হৰমুজ জলদ্বীপ অতিক্ৰম কৰা জাহাজসমূহে এই ইৰাণী কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিব লাগিব। ইয়াৰ বাবে নতুন ইমেইল ঠিকনা জাৰি কৰা হৈছে।
No Result
View All Result