আজি ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই। অসমত তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব এন ডি এ চৰকাৰে। দিনৰ ১১.৪০ বজাত খানাপাৰাত শপত গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই।
হিমন্ত বিশ্ব শৰ্মাৰ সৈতে শপতগ্ৰহণ কৰিব আন চাৰিগৰাকী নৱনিৰ্বাচিত বিধায়কে। ৰামেশ্বৰ তেলী, অজন্তা নেওগ, অতুল বৰাই শপতগ্ৰহণ কৰিব। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনো উপস্থিত থাকিব শপতগ্ৰহণ অনুষ্ঠানত। NDA-শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী উপস্থিত থাকিব শপতগ্ৰহণ অনুষ্ঠানত।
দেশৰ কৃষিমন্ত্ৰী, নিৰ্মলা সীতাৰমণ, নীতিন গাডকাৰী, নয়াব সিং চৈনি, স্মৃতি ইৰাণী সহিতে দেশৰ প্ৰতিষ্ঠিত বহুকেইগৰাকী উদ্যোগপতিও উপস্থিত থাকিব খানাপাৰাৰ শপতগ্ৰহণ অনুষ্ঠানত।
গুৱাহাটীত উপস্থিত এই সমাৰোহত সমাবেত হ’ব ১ লাখ লোক। সত্ৰাধিকাৰৰ লগতে ৭০ গৰাকী ধৰ্মীয়গুৰু উপস্থিত থাকিব শপতগ্ৰহণ অনুষ্ঠানত। শপতগ্ৰহণৰ বাবে খানাপাৰাত কটকটীয়া হৈছে নিৰাপত্তা বেষ্টনী।









