পেৰিছ অলিম্পিকত ইতিহাস ৰচিও পদক জয়ৰ আশা পূৰ্ণ নহ’ল মল্লযুঁজাৰু বিনেশ ফ’গাটৰ। মাত্ৰ ১০০ গ্ৰাম ওজন বৃদ্ধি পোৱা বাবেই ফ’গাটক অলিম্পিকৰ পৰা অযোগ্য ঘোষণা কৰা হ’ল।
৫০ কিলোগ্ৰাম ওজন শাখাত প্ৰতিদ্বন্দ্বিতা কৰা বিনেশক প্ৰতিযোগিতাখনৰ পৰা অযোগ্য ঘোষণা কৰা হ’ব বুলি জানিব পৰা গৈছে। কাৰণ তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা নিৰ্ধাৰিত শাখাতকৈ ১০০ গ্ৰাম ওজন বৃদ্ধি পোৱাত তেওঁক অযোগ্য ঘোষণা কৰা হয়।
সাধাৰণতে ৫৩ কেজি শাখাত অংশগ্ৰহণ কৰা বিনেশে পেৰিছ অলিম্পিকৰ বাবে তেওঁৰ ওজন ৫০ কেজিলৈ হ্ৰাস কৰে। কিন্তু ফাইনেলৰ পূৰ্বে বিনেশৰ ওজন বৃদ্ধি পোৱাত তেওঁ ফাইনেলত অৱতীৰ্ণ হ’ব নোৱাৰিব।
ফ’গাট সন্দৰ্ভত এজন ভাৰতীয় প্ৰশিক্ষকে কয়, ‘আজি পুৱা তেওঁৰ ওজন ১০০গ্ৰাম বেছি হোৱা দেখা গৈছে। নিয়মে ইয়াৰ অনুমতি নিদিয়ে আৰু তেওঁক অযোগ্য ঘোষণা কৰা হৈছে।’
ইউনাইটেড ৱৰ্ল্ড ৰেচলিঙৰ নিয়ম অনুসৰি, বিনেশৰ অযোগ্য হোৱাৰ ফলস্বৰূপে পেৰিছ গেমছত তেওঁ কোনো পদক লাভ নকৰিব। মঙলবাৰৰ দিনটোত বিনেশে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই মহিলাৰ ৫০ কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰি ইতিহাস ৰচিছিল যদিও নিয়ম অনুসৰি এতিয়া তেওঁ খালী হাতেৰেই ঘৰলৈ উভতিব লাগিব।