No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- ইন্ধন ৰাহিৰ বাবে কেন্দ্ৰৰ আহ্বানলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সঁহাৰি। গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰিলে SOP। অহা ২৫ মে’ৰ পৰা এমাহৰ বাবে কাৰ্যকৰী হ’ব এই নিৰ্দেশনা। এদিন এৰি এদিন ৫০ শতাংশ কৰ্মচাৰীৰে চলিব ন্যায়ালয়ৰ কাম-কাজ। ভাৰ্চুৱেলী গোচৰৰ শুনানিত গুৰুত্ব উচ্চ ন্যায়ালয়ৰ। ন্যায়াধীশৰ কনভয়ৰ সংখ্যা হ্ৰাস কৰাৰ বাবেও SOP। ই-অফিচ প্লেটফৰ্মত গুৰুত্ব দিবলৈ নিৰ্দেশনা।
- উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা ACS বিষয়া লাচিত কুমাৰ দাসৰ G-A ফ্লেটত মাজনিশা দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। অভিযানত জব্দ প্ৰায় ৫০ লাখ টকা নগদ ধন, ৫০০ গ্ৰাম সোণৰ আ-অলংকাৰ। জব্দ একাধিক জীৱন বীমাৰ নথি-পত্ৰ। অভিযোগ অনুসৰি গুৱাহাটীৰ কেইবা স্থানতো লাচিত কুমাৰ দাসৰ আছে ভূমি আৰু বিলাসী ফ্লেট।
- বংগৰ মুখ্যমন্ত্ৰী সুবেন্দু অধিকাৰীয়ে ২১ মে’ত কয় যে, আটকাধীন বাংলাদেশী অনুপ্ৰৱেশকাৰীক আদালতলৈ নিব নালাগে, বৰঞ্চ পোনপটীয়াকৈ সীমান্ত সুৰক্ষা বাহিনীক গতাই দিব লাগে। হাওৰা জিলা দণ্ডাধীশৰ কাৰ্যালয়ত অনুষ্ঠিত প্ৰশাসনিক পৰ্যালোচনা বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে কয় যে, এই সন্দৰ্ভত আৰক্ষী আয়ুক্ত আৰু ৰে’ল সুৰক্ষা বাহিনীক নিৰ্দেশনা জাৰি কৰা হৈছে।
- ভাৰতলৈ বৃহৎ সকাহ আমেৰিকাৰ। ভাৰতক যিমান তেল লাগে আমেৰিকাই দিব। দিল্লীয়ে যিমান ক্ৰয় কৰিব বিচাৰে সিমান ৱাছিংটনে বিক্ৰী কৰিব। আমেৰিকাই ভাৰতৰ সৈতে ভাল কাম কৰি আছে। ভাৰত ভ্ৰমণৰ পূৰ্বে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ ঘোষণা।
No Result
View All Result