আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু সমগ্ৰ আমেৰিকা প্ৰশাসনে ইৰাণক পুনৰ আক্ৰমণ কৰিব নে নকৰে সেই লৈ যুঁজি থকাৰ সময়তে ইৰাণে হৰমুজ জলদ্বীপৰ সন্দৰ্ভত এনে এক সিদ্ধান্ত গ্ৰহণ কৰিছে, যিয়ে মধ্যপ্ৰাচ্যত আন এক যুদ্ধৰ সূচনা কৰিব পাৰে। ইৰাণৰ এই সিদ্ধান্ত আমেৰিকাক জনাইছে প্ৰত্যাহ্বান।
ইৰাণৰ পাৰ্চী উপসাগৰীয় জলদ্বীপ কৰ্তৃপক্ষই হৰমুজ জলদ্বীপৰ নতুন মানচিত্ৰ প্ৰকাশ কৰি পাৰস্য উপসাগৰৰ পৰা ওমান উপসাগৰলৈকে বিস্তৃত বুলি ঘোষণা কৰিছে। ওমান উপসাগৰত আমেৰিকাৰ নৌসেনাৰ বৃহৎ নিয়োগ আছে, তাত দুখন বিমানবাহী জাহাজ আৰু তেওঁলোকৰ সহায়ক যুদ্ধ জাহাজ নিয়োজিত হৈ আছে। এই কাৰণেই হৰমুজত ইৰাণৰ নতুন সীমাৰেখাৰ বাবে সুখী নহয় আমেৰিকা।
তথ্য মতে, ইতিমধ্যে হৰমুজ জলদ্বীপ পোনপটীয়াকৈ ইৰাণৰ অধীনস্থ। কিন্তু এতিয়া ইৰাণৰ নৌসেনাই ওমান উপসাগৰৰ পৰা ইৰাণ উপসাগৰলৈকে পাৰ্চী উপসাগৰৰ এক বৃহৎ অংশ নিজৰ চোৰাংচোৱাগিৰিৰ অধীনত অন্তৰ্ভুক্ত কৰিবলৈ ওলাইছে। ফলস্বৰূপে এই বিশাল অঞ্চলত তেল টেংকাৰৰ পৰা যুদ্ধজাহাজলৈকে সকলো বাণিজ্যিক জাহাজক ইৰাণৰ নৌসেনাৰ অনুমতি লাভ কৰাৰ পিছতহে ট্ৰেনজিট কৰিবলৈ দিয়া হ’ব।
ইৰাণে জাৰি কৰা এই নতুন চোৱাচিতা জ’নত ওমান উপসাগৰৰ দক্ষিণে ইউ এ ইৰ ফুজাইৰা বন্দৰৰ পৰা ইৰাণৰ কোহ-ই-মুবাৰকলৈকে অংকন কৰা নতুন ৰেখা অন্তৰ্ভুক্ত কৰা হৈছে। ইৰাণৰ কেছম দ্বীপৰ পৰা UAEৰ উম্ আল-কুৱেইনলৈকে পাৰ্চী উপসাগৰত নতুন ৰেখা অংকন কৰা হৈছে। এই দুটা লাইনৰ মাজৰ সমগ্ৰ অঞ্চলটোৱেই হৈছে ইৰাণৰ নৌসেনাৰ নতুন চোৱাচিতা জ’ন।
অৱশ্যে এই অঞ্চলত পাৰ হৈ যোৱা সকলো জাহাজে প্ৰথমে পাৰ্চী উপসাগৰীয় কৰ্তৃপক্ষৰ পৰা অনুমতি ল’ব লাগিব, যাৰ বাবে ইমেইল ঠিকনা জাৰি কৰা হৈছে। অনুমতি পোৱাৰ পিছতহে জাহাজবোৰ পাৰ হ’ব পাৰিব।
উল্লেখযোগ্য যে ইৰাণ আৰু আমেৰিকাই আমেৰিকা-ইৰাণ যুদ্ধ আৰম্ভ হোৱা ২৮ ফেব্ৰুৱাৰীৰ পৰা হৰমুজ জলদ্বীপত নৌসেনাৰ অৱৰোধ আৰোপ কৰি আহিছে। যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা ইৰাণৰ নৌসেনা আৰু ইৰাণ সমৰ্থিত ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছয়ে বিভিন্ন দেশৰ ৪০ খনতকৈও অধিক তেল টেংকাৰ আৰু বাণিজ্যিক জাহাজত আক্ৰমণ চলাইছে। এই আক্ৰমণৰ ফলত কেইবাখনো দেশৰ নাৱিকৰ মৃত্যু হৈছে। কিছুমান জাহাজ আনকি সাগৰত ডুব গৈছে। একেদৰে ৮ এপ্ৰিলৰ পৰা যুদ্ধবিৰতি আৰম্ভ হোৱাৰ পিছৰে পৰা আমেৰিকাৰ নৌসেনাই ওমান উপসাগৰ অৱৰোধ কৰি এতিয়ালৈকে ইৰাণৰ আধা ডজনতকৈও অধিক জাহাজ আক্ৰমণ কৰিছে। ফলস্বৰূপে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পাৰস্য উপসাগৰৰ পৰা হৰমুজ জলদ্বীপ আৰু ওমান উপসাগৰলৈ জাহাজৰ চলাচল কঠিন হৈ পৰিছে।
অৱশ্যে শেহতীয়াকৈ ব্ৰিকছ সন্মিলনৰ বাবে নতুন দিল্লী ভ্ৰমণ কৰা ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে কয় যে, সকলো দেশৰ বাণিজ্যিক জাহাজক ইৰাণৰ নৌসেনাৰ সৈতে সহযোগিতা আৰু সমন্বয় বজাই ৰাখি হৰমুজ জলদ্বীপৰ মাজেৰে পাৰ হ’বলৈ অনুমতি দিয়া হ’ব।








