সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
কিছু মুহূৰ্তৰ পিছতে ৰাজ্যত গৃহীত হ’ব UCC বিধেয়ক। এই বিধায়ক গৃহীত হ’লে বিবাহ, লিভ ইন ৰিলেশ্বনশ্বীপৰ বাবে ৰাজ্যত প্ৰযোজ্য হ’ব কঠোৰ আইন। এই নিয়ম নামানিলেই বিহা হ’ব কাৰাদণ্ডৰ লগতে জৰিমনা।লিভ-ইন-ৰিলেশ্যনশ্বীপত থাকিলে এমাহৰ ভিতৰত পঞ্জীয়ন বাধ্যতামূলক।লিভ-ইনত থাকিলে উপ-পঞ্জীয়কক অৱগত কৰিব লাগিব।উপ-পঞ্জীয়কক লিভ-ইন-ৰিলেশ্যনশ্বীপৰ তথ্য নিদিলে বিপদ নিশ্চিত।
অসম বিধানসভাৰ সন্মুখত নিশা শোকাৱহ দুৰ্ঘটনা। প্ৰচণ্ড বেগত বৈদ্যুতিক খুঁটাত খুন্দা মটৰ চাইকেলৰ। দুৰ্ঘটনাৰ পাছতে বাহনসহ অগ্নিদগ্ধ চালক। অগ্নিদগ্ধ হৈ থিতাতে মৃত্যু ধেমাজিৰ বাসৱ ৰাজ চুতীয়া নামৰ যুৱকজনৰ।
অৱশেষত ঘোষণা হ’ল প্ৰদেশ কংগ্ৰেছৰ বিধায়িনী দলৰ দলপতিৰ নাম। ৱাজেদ আলী চৌধুৰীক বিধায়িনী দলৰ দলপতিৰ দায়িত্ব। ডাঃ জয়প্ৰকাশ দাসক বিধায়িনী দলৰ উপ-দলপতিৰ দায়িত্ব।
কৰ্ণাটকত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীক লৈ চলি থকা ৰাজনৈতিক অস্থিৰতা এতিয়াও লাঘৱ হোৱা নাই। ২৮ মে’ত মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই পদত্যাগ কৰাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ পৰিৱৰ্তন সন্দৰ্ভত জল্পনা-কল্পনাৰ মাজতে ২৮ মে’ৰ পুৱা ৯ বজাত কাবেৰীস্থিত মুখ্যমন্ত্ৰী সিদ্দাৰমৈয়াৰ বাসগৃহত অনুষ্ঠিত হ’বলগীয়া ব্ৰেকফাষ্ট সভাত অংশগ্ৰহণ কৰিব উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে।
দিল্লীত অনুষ্ঠিত হোৱা কোৱাড বৈঠকত হৰমুজৰ বিষয়টোৱে আধিপত্য বিস্তাৰ কৰিছিল। অংশগ্ৰহণকাৰী দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকলে অতি সোনকালে হৰমুজ জলদ্বীপ পুনৰ মুকলি কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰে। এই কোৱাডৰ বৈঠকে ইৰাণৰ বাবে উত্তেজনাৰ উৎস হ’ব পৰা এটা বাৰ্তা প্ৰেৰণ কৰিছিল। বৈঠকত হৰমুজ জলদ্বীপ মুকলি কৰা আৰু জাহাজসমূহক বাধা নোহোৱাকৈ পাৰ হ’বলৈ দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।








