পেৰিছ অলিম্পিকত সোণৰ পদক লাভ কৰাৰ সপোন ভংগ হোৱাৰ পিছতে মল্লযুঁজৰ পৰা অৱসৰ গ্ৰহণ কৰিছে তাৰকা মল্লযুঁজাৰু বিনেশ ফ’গাটে। ওজনৰ বাবে অলিম্পিকৰ পৰা অযোগ্য ঘোষণা হোৱা বিনেশ ফ’গাটে বৃহস্পতিবাৰে অৱসৰ ঘোষণা কৰিছে।
তেওঁ এক্সত দুখ প্ৰকাশ কৰি কয়, “মা মল্লযুঁজে মোৰ পৰা জয়লাভ কৰিছে, মই পৰাস্ত হৈছে, তোমাৰ সপোনবোৰে মোৰ সাহস ভাঙি পেলাইছে, আৰু শক্তি নাই।” ‘আলবিদা কুস্তি, ২০০১-২০২৪- চিৰদিনৰ বাবে তোমাৰ ওচৰত ঋণী, ক্ষমা বিচাৰিছো।’
উল্লেখ্য যে, বুধবাৰে, বিনেশক পেৰিছ অলিম্পিকত ৫০ কিলোগ্ৰাম ফ্ৰীষ্টাইল ফাইনেলৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল। ২৯ বছৰীয়া মল্লযোদ্ধা বিনেশ ফ’গাটক অন্তিম দিনটোত ওজন নিৰ্ধাৰিত সীমাতকৈ অলপ বেছি হোৱাৰ বাবে অযোগ্য ঘোষণা কৰিছিল।
এক্সত আৱেগ ভৰা পোষ্ট শ্বেয়াৰ ফ’গাটৰ
বিনেশ ফ’গাটে এক্সত তেওঁৰ অনুৰাগীসকলৰ ওচৰত ক্ষমা বিচাৰিছিল আৰু কৈছিল যে, এতিয়া তেওঁৰ সাহসৰ উত্তৰ দিয়া হৈছে আৰু তেওঁ আৰু কুস্তি কৰিব নোৱাৰে। “মা কুস্তি মোৰ সৈতে জিকিছিল, মই পৰাজিত হৈছিলো। ক্ষমা কৰক। তোমাৰ সপোন, মোৰ সাহস সকলো ভাগি পৰিছে। এতিয়া ইয়াতকৈ অধিক শক্তি নাই। গুডবাই ৰেছলিং ২০০১-২০২৪। মই সদায় আপোনালোক সকলোৰে ওচৰত ঋণী হৈ থাকিম। ক্ষমা বিচাৰিছো।”
বিনেশ ফ’গাটৰ আপীল
অৱসৰৰ পূৰ্বে বিনেশ ফ’গাটে বুধবাৰে পেৰিছ অলিম্পিকত মহিলাৰ কুস্তিৰ ৫০ কিলোগ্ৰাম শাখাৰ ফাইনেলৰ পৰা অযোগ্য হোৱাৰ বিৰুদ্ধে আদালতত আপীল কৰিছিল আৰু তেওঁক যুটীয়া ৰূপৰ পদক দিয়াৰ দাবী জনাইছিল। ভাৰতীয় দলৰ অংশ ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনৰ এক সূত্ৰই এই কথা নিশ্চিত কৰিছে।
উল্লেখ্য যে, পেৰিছ অলিম্পিকত মল্লযুঁজত স্বৰ্ণ জয় কৰাৰ পূৰ্ণ সম্ভাৱনা আছিল বিনেশ ফ’গাটৰ। সকলো ভাৰতীয়ই আশা কৰিছিল স্বৰ্ণ জয় কৰাৰ। যদিহে বিনেশ ফ’গাটে স্বৰ্ণ জয় কৰিলে হৈ তেতিয়াহলে অলিম্পিকৰ ইতিহাসত স্বৰ্ণ জয় কৰা বিনেশ ফ’গাট একমাত্ৰ মহিলা মল্লযুঁজাৰু হ’লহেতেন। অৱশ্য, ১০০ গ্ৰাম ওজন বেছি হোৱাৰ বাবে ফাইনেল খেলৰ পৰা বাহিৰ হৈছিল মল্লযুঁজাৰুগৰাকীয়ে।