উত্তৰ প্ৰদেশৰ মুজাফ্ফনগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত এগৰাকী অসহায় মাতৃ। ১৪ বছৰীয়া বিশেষভাৱে সক্ষম কন্যাৰ ন্যায় বিচাৰি হাহাকাৰ মাতৃৰ। চিকিৎসাৰ নামত জিলাখনৰ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে অবৈধ ধন দাবী আৰু গুৰুতৰ গাফিলতিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ক্ষতিগ্ৰস্ত বিধৱা মাতৃগৰাকীয়ে।
চৰকাৰী চিকিৎসালয়খনৰ চিকিৎসকগৰাকীয়ে কন্যাৰ উপযুক্ত চিকিৎসাৰ বাবে ধন দাবী কৰাই নহয়, ভুলকৈ অস্ৰোপ্ৰচাৰ কৰি নিৰীহ কিশোৰীগৰাকীৰ ভৰিখনৰ যথেষ্ট ক্ষতিসাধন কৰা বুলি অভিযোগ কৰে। মহিলাগৰাকীৰ মতে, প্ৰায় ডেৰ মাহ পূৰ্বে মুজাফ্ফনগৰ জিলা চিকিৎসালয়ত তেওঁৰ কন্যাৰ সোঁ ভৰিৰ হাড়ৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। চিকিৎসালয়ৰ কৰ্মচাৰীয়ে অস্ত্ৰোপচাৰৰ বাবে ২৫ হাজাৰ টকাৰ দাবী কৰে। যেতিয়া মহিলাগৰাকীয়ে ইমান টকা পৰিশোধ কৰিবলৈ অক্ষম বুলি কয়, তেতিয়া চিকিৎসালয়ৰ কৰ্মচাৰীয়ে কিশোৰীগৰাকীৰ অস্ত্ৰোপচাৰ কৰিবলৈও অমান্তি হয়। ইয়াৰ পিছতে মহিলাগৰাকীয়ে জিলা দণ্ডাধীশৰ ওচৰত আবেদন জনাই চিএমঅ’ক বিনামূলীয়া চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পিছতো চিকিৎসালয়ৰ কৰ্মচাৰীয়ে ৪০০০ লৈ বাকী ধন পিছত দিব লাগিব বুলি কয়।
মহিলাগৰাকীক চিকিৎসকে কেইদিনমানৰ পিছত চেকআপ কৰিবলৈ আহিব বুলি কয়। কিন্তু কন্যাৰ সৈতে মহিলাগৰাকী চেকআপৰ বাবে চিকিৎসালয় আহি পোৱাৰ পিছতে অপাৰেচন কৰা ডাঃ চতুৰ্বেদীয়ে বলপূৰ্বকভাৱে তেওঁৰ কন্যাৰ আঁঠু মুছৰি পুনৰ ভাঙি পেলায়। কিশোৰীগৰাকীয়ে বিষত চিঞৰি উঠে। পিছত ভৰিখনৰ এক্স-ৰে কৰাত হাড় ভাঙি যোৱা দেখা যায়।
এই গুৰুতৰ বিষয়টো সন্দৰ্ভত মুজাফ্ফৰনগৰৰ মুখ্য চিকিৎসা বিষয়া সুনীল তেৱাতিয়াৰ এক বিবৃতিও পোহৰলৈ আহিছে। চিএমঅ’ই কয় যে, আনটো পক্ষৰ কথা নুশুনি এই বিষয়ত মন্তব্য কৰাটো অকালপক্ক হ’ব৷ অৱশ্যে সমগ্ৰ ঘটনাৰ গুৰুত্বসহকাৰে তদন্ত কৰা হ’ব বুলি তেওঁ আশ্বাস দিয়ে। তদন্তৰ সময়ত যদি চিকিৎসালয়ৰ কৰ্মচাৰী বা চিকিৎসকৰ ফালৰ পৰা কোনো ধৰণৰ গাফিলতি ধৰা পৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী আৰু প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।








