No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- আজি ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। ইতিমধ্যে ৪ জুনত মুখ্যমন্ত্ৰীয়ে ১২ জনীয়া মন্ত্ৰীৰ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক দাখিল কৰিছে। দিনৰ ১২ বাজি ৪৫ মিনিটত শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ’ব। খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আজি ৰাজ্যপালে মন্ত্রীসভাত স্থান লাভ কৰা ১২ জনকৈ বিধায়কসকলক শপতবাক্য পাঠ কৰোৱাব। এই অনুষ্ঠানৰ অভ্যর্থনাৰ বাবে অসম অসামৰিক সেৱাৰ ৮ গৰাকী বিষয়াক দায়িত্ব অর্পণ কৰা হৈছে। উল্লেখযোগ্য যে যোৱা ১২ মে’ত মুখ্যমন্ত্ৰী ড° শৰ্মাৰ সৈতে ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্তা নেওগ আৰু চৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।
- গুৱাহাটীৰ জালুকবাৰীত ভয়ংকৰ অগ্নিকাণ্ড। শুই থকা সময়তে একেলগে জ্বলি ছাঁই হ’ল ৪ গৰাকী লোক। কুড্ডুছ আলী,কাজলি বেগম আৰু ২ সন্তানৰ সৈতে কৰুণ ঘটনা। একে পৰিয়ালৰ ৪ গৰাকীকৈ লোকে সাৱটিলে কৰুণ মৃত্যুক। জয়মতী নগৰৰ দুই নম্বৰ বাইলেন’ত এই অগ্নিকাণ্ড। জুইত জাহ গ’ল দুটাকৈ বাসগৃহ। স্থানীয় লোকৰ ভাষ্যৰ অনুসৰি বিস্ফোৰণ ঘটিছিল তিনিটাকৈ চিলিণ্ডাৰ। ঘটনাস্থলীত আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী, SDRF, NDRF বাহিনীৰ লোক উপস্থিত।
- বাৰাণসীত প্ৰচণ্ড গৰমে বিধ্বংসী ৰূপ ধাৰণ কৰি থকাৰ ফলত ভক্তসকলৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। কিন্তু এই তীব্ৰ উত্তাপৰ মাজতে কাশী বিশ্বনাথ মন্দিৰত বৃহৎ সংখ্যক ভক্তৰ দৰ্শন অব্যাহত আছে। ইফালে ৪ জুনৰ দিনটোত বহুকেইজন ভক্ত হঠাতে মন্দিৰ চৌহদৰ ভিতৰত অসুস্থ হৈ পৰে। লগে লগে তেওঁক মন্দিৰ চৌহদৰ পৰা ওচৰৰ জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়। ভক্তজনৰ মৃত্যুত অঞ্চলটোত ব্যাপক আতংকৰ সৃষ্টি হয়।
- হিমাচল প্ৰদেশৰ কংগ্ৰেছ দলত খহনীয়াৰ সৃষ্টি। দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক নীৰজ ভাৰতীয়ে হিমাচল প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ লগে লগে হিমাচল প্ৰদেশ কংগ্ৰেছ কমিটীৰ ভিতৰত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হয়। পদত্যাগত তেওঁ মুকলিকৈ ৰাজ্য চৰকাৰৰ কৰ্মশৈলী আৰু প্ৰশাসনিক কাম-কাজক লৈ অসন্তুষ্টি প্ৰকাশ কৰে।
- কুৱেইটত থকা ভাৰতীয় দূতাবাসে নিশ্চিত কৰে যে, কুৱেইট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ইৰাণৰ আক্ৰমণত এজন ভাৰতীয় নাগৰিক নিহত হৈছে। উপসাগৰীয় অঞ্চলত পুনৰ উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে এই আক্ৰমণ সংঘটিত হৈছে। ইৰাণে কুৱেইট আৰু বাহৰেইনৰ লক্ষ্যস্থানত মিছাইল আৰু ড্ৰোন আক্ৰমণ কৰাৰ বিপৰীতে আমেৰিকাই হৰমুজ জলদ্বীপৰ ওচৰত সামৰিক অভিযান আৰম্ভ কৰিছে।
No Result
View All Result