শ্বেখ হাছিনাৰ পদত্যাগ আৰু দেশ ত্যাগৰ পিছতো চুবুৰীয়া বাংলাদেশলৈ ঘূৰি অহা নাই শান্তি। বৈষম্য বিৰোধী আন্দোলনৰ সুযোগ লৈ একাংশ উগ্ৰ মুছলমান দুৰ্বৃত্তই সংখ্যালঘু হিন্দু, খ্ৰীষ্টানৰ লগতে বৌদ্ধ লোকৰ ওপৰত অব্যাহত ৰাখিছে উৎপীড়ন আৰু লুটপাত।
ৰাজনৈতিক অস্থিৰতাৰ অচিলাৰে একাংশ নৈৰাজ্যবাদীয়ে চলোৱা সন্ত্ৰাসৰ বিৰুদ্ধে এইবাৰ ঐক্যবদ্ধ হৈছে বাংলাদেশৰ সংখ্যালঘু সমাজ। বাংলাদেশত আছে মাত্ৰ ৮% হিন্দু। এই বাংলাদেশতে হিন্দুসকলৰ পৰম আস্থা আৰু বিশ্বাসৰ এক প্ৰাচীন অলৌকিক মন্দিৰ বিৰাজমান। সেই মন্দিৰটো হৈছে ঢাকেশ্বৰী মন্দিৰ।
বাংলাদেশৰ নগন্য হিন্দুৰ বাবেই নহয়, এই মন্দিৰ সমগ্ৰ বিশ্বৰ হিন্দুসকলৰ বাবে এক পবিত্ৰ তীৰ্থস্থান। এই মন্দিৰৰ মাহাত্ম্যৰ বাবেই বাংলাদেশত পৰ্যটনৰ গুৰুত্ব আছে।
কিন্তু বিগত কিছুদিনৰ পৰা চাকৰি সংৰক্ষণক কেন্দ্ৰ কৰি বাংলাদেশত আৰম্ভ হোৱা ব্যাপক প্ৰতিবাদ আৰু হিংসাত্মক পৰিস্থিতিৰ বাবে ঢাকেশ্বৰী মন্দিৰলৈ পৰ্যটকৰ সংখ্যা অভাৱনীয়ভাৱে হ্ৰাস পোৱাৰ তথ্য আহিছে।
এই সন্দৰ্ভত মন্দিৰৰ মুখ্য পুৰোহিত তপন চক্ৰৱৰ্তীয়ে খেদ প্ৰকাশ কৰি কয় যে বৰ্তমান এই মন্দিৰটো কিছু মুছলমান লোকে সুৰক্ষা প্ৰদান কৰি আছে। লগতে কিছু সংখ্যক হিন্দু লোকেও মন্দিৰৰ সুৰক্ষাৰ বাবে তৎপৰ হৈছে।
পৰিস্থিতি পুনৰ সুস্থিৰ অৱস্থালৈ ঘূৰি আহিবৰ বাবে পুৰোহিতজনে প্ৰাৰ্থনা কৰি কয় যে আমি এনে পৰিস্থিতি কেতিয়াও নিবিচাৰো। এই দেশত হিন্দুৰ সংখ্যা কম হ’লেও মুছলমান আৰু হিন্দুৰ সম অধিকাৰ থকাটো আমি বিচাৰো। মন্দিৰৰ সুৰক্ষাৰ দায়িত্ব কোনো আন সম্প্ৰদায়ৰ নহয়। এই সুৰক্ষা দিয়াৰ দায়িত্ব কেৱল চৰকাৰৰ হে আছে।