হাটশিঙিমাৰীত শোকাবহ ঘটনা সংঘটিত হৈছে। নদীত গা-ধুবলৈ গৈ সলিল সমাধি ঘটিল মহিলাৰ। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
হাটশিঙিমাৰীৰ সুখচৰ থানাৰ অন্তৰ্গত আৰাটাৰ গাঁৱত জিঞ্জিৰাম নদীত গা-ধুবলৈ গৈ সলিল সমাধি ঘটা মহিলাগৰাকীৰ বয়স ৬০ বছৰ বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, বৃহস্পতিবাৰে আবেলি ঘৰৰ কাষতে থকা জিঞ্জিৰাম নদীত অকলে গা-ধুবলৈ গৈ সন্ধানহীন হৈ পৰিছিল আৰাটাৰ গাঁৱৰ আমিনাল হকৰৰ পত্নী আছিনা খাতুন নামৰ ৬০ বছৰীয়া মহিলা গৰাকী৷
জানিব পৰা মতে, নদীত গা-ধুবলৈ যোৱাৰ কথা পৰিয়ালৰ লোকে প্ৰথমে গম পোৱা নাছিল। বহু সময় মহিলাগৰাকী ঘৰত নথকাত পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰিবলৈ আৰম্ভ কৰিছিল মহিলাগৰাকীক। অৱশ্যে, কোনো সন্ধান নোপোৱাত পৰিয়ালৰ লোকে নদীত পৰাৰ সন্দেহ কৰি সুখচৰ আৰক্ষীক খৱৰ দিয়ে৷
ইফালে, সুখচৰ আৰক্ষীয়ে খৱৰ লাভ কৰাৰ পিছত আৰক্ষীৰ এটা দল আৰু SDRF বাহিনীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ মহিলা গৰাকীক উদ্ধাৰ বাবে অভিযান আৰম্ভ কৰে। উদ্ধাৰকাৰী দলটোৱে অভিযানৰ অন্তত নিশা ১০ মান বজাত মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷