অমিতা এবিধ পুষ্টিকৰ ফল। অমিতাত থকা উপকাৰী গুণৰ বিষয়ে সকলোৱে জ্ঞাত। ই সকলো ঋতুতে উপলব্ধ এবিধ ফল। ই সোৱাদযুক্ত হোৱাৰ লগতে স্বাস্থ্যবৰ্ধকো হয়। অমিতা স্বাস্থ্যৰ পক্ষে যথেষ্ট উপকাৰী। গেষ্ট্রিক, বহুজনৰ কষ্ট, শালমন আৰু ছালৰ দাগ দূৰ কৰাৰ বাবে বহুতে অমিতা খোৱা দেখা যায়।
হজম শক্তি বৃদ্ধি হোৱাত সহায় কৰে
অমিতা এনে এবিধ ফল যি আমাক হজন শক্তি বৃদ্ধি কৰাত সহায় কৰে। অমিতাত পেপেইন নামৰ এবিধ এনজাইম থাকে যিয়ে পাচন ক্ৰিয়াত সহায় কৰে। খালী পেটত অমিতা খালে হজম প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰাত সহায় কৰিব পাৰে।
ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে
অমিতাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে। সেয়েহে এই ভিটামিন চি সমৃদ্ধ ফলৰ সৈতে দিনটো আৰম্ভ কৰিলে আপোনাৰ শৰীৰক ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে। গতিকে ৰোগ আৰু সংক্ৰমণক দূৰত ৰাখিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা খাদ্য সতালিকাত অন্তৰ্ভুক্ত কৰিব লাগে।
ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে
অমিতা চেনি কম যদিও আঁহ বেছি থাকে, যাৰ বাবে ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণৰ কৰে। খালী পেটত অমিতা খালে দিনটোৰ ভিতৰত ৰক্ত শৰ্কৰাৰ মাত্ৰা সুস্থিৰ হৈ থাকে।
ছাল সুস্থ কৰি ৰাখে
অমিতাত প্ৰচুৰ পৰিমাণে ভিটামিন A থাকে। যি আমাৰ সুস্থ ছালৰ বাবে অতি প্ৰয়োজনীয়। অমিতাই ছালৰ স্বাস্থ্য উন্নত কৰাৰ লগতে অকাল বয়স বৃদ্ধি ৰোধ কৰাত সহায়ক হয়।
ওজন কমোৱাত সহায়ক
অমিতাত কেলৰি কম যদিও ইয়াত আঁহ বেছি, যাৰ বাবে ই ওজন হ্ৰাসৰ বাবে এক উত্তম ফল। খালী পেটত অমিতা খোৱাটোৱে আপোনাৰ ভোক ৰোধ কৰাত সহায় কৰিব পাৰে।
হৃদযন্ত্ৰ সুস্থ সবল কৰি ৰাখে
অমিতাত প্ৰচুৰ পৰিমাণে আঁহ, পটাছিয়াম আৰু এন্টিঅক্সিডেন্ট থাকে, এই সকলোবোৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। খালী পেটত অমিতা খোৱাৰ ফলত হৃদৰোগৰ সম্ভাৱনা কম হয়, কলেষ্টেৰলৰ মাত্ৰা কম হয় আৰু ষ্ট্ৰোক প্ৰতিৰোধ কৰিব পৰা যায়।