No Result
View All Result
“येन बद्धो बलिराजा दानवेन्द्रो महाबल:।
तेन त्वामपि बध्नामि रक्षे मा चल मा चल ॥”
অৰ্থাৎ
“মহান দানৱৰাজ বলীৰজাক যি ৰক্ষা-সূত্ৰৰে বন্ধা হৈছিল; ময়ো সেই একেই ৰক্ষা-সূত্ৰই বান্ধিছোঁ।
হে ৰক্ষাসূত্ৰ! নিজৰ সংকল্পৰ পৰা যেন বিচলিত নোহোৱা!”
আজি পবিত্ৰ ৰক্ষাবন্ধন বা ৰাখীবন্ধন উৎসৱ। ৰাখী এক বান্ধোন, এক প্ৰতিশ্ৰুতি। এই বান্ধোন ভগ্নী-ভাতৃৰ মাজৰ, এই প্ৰতিশ্ৰুতি ভগ্নীক সুৰক্ষা দিয়াৰ। যি প্ৰতিশ্ৰুতি ভাতৃয়ে নিজকে নিজে কৰে, যাতে তেওঁ চিৰজীৱন নিজ ভগ্নীক ৰক্ষা কৰিব পাৰে। ৰাখীবন্ধন হৈছে ভাতৃ আৰু ভগ্নীৰ মাজৰ এটা পবিত্ৰ দিন।
আজি পবিত্ৰ ৰাখীবন্ধন উৎসৱ। ই হৈছে ভাতৃ-ভগ্নীৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ এক পবিত্ৰ দিন। সমগ্ৰ দেশতে আজিৰ এই দিনটোত ৰাখীবন্ধন উদযাপন কৰা হ’ব।
এই দিনটোত ভগ্নীয়ে তেওঁলোকৰ ভাতৃৰ মণিবন্ধনত ৰাখী পিন্ধাই আৰু তেওঁলোকৰ কুশল কামনাৰে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনায়।বিনিময়ত ভাতৃয়ে নিজৰ ভগ্নীক সদায় ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু মৰমেৰে উপহাৰ আগবঢ়ায়। ভগ্নীয়ে পিন্ধোৱা এই ৰাখীডালতেই প্ৰকাশ পাই উঠে ইজনে সিজন প্ৰতি থকা মৰম-চেনেহ, প্ৰতিশ্ৰুতিবোধ। সেয়েহে ৰাখীবন্ধনক প্ৰেম আৰু ভাতৃত্ববোধৰ এক সমন্ধয়ৰ উৎসৱ বুলিও কোৱা হয়।
ভাৰতীয় সামাজিক পৰম্পৰাত ৰাখীবন্ধনৰ আছে এক বিশেষ গুৰুত্ব। প্ৰতি বছৰে শাওণ মাহৰ পূৰ্ণিমা তিথিত ৰাখী বন্ধন উৎসৱ পালন কৰা হয়। সেয়েহে শাওণ মাহৰ পূৰ্ণিমা তিথিক ৰাখী পূৰ্ণিমা বুলি কোৱা হয়। ভাৰতত হিন্দু,জৈন,শিখ আদি সকলো ধৰ্মৰ লোকে এই পবিত্ৰ ৰাখী বন্ধন উৎসৱ পালন কৰে।
এই ৰাখীডালৰ মাজতেই লুকাই থাকে ভাতৃ-ভগ্নীৰ মাজৰ মৰম-ভালপোৱাৰ লগতে ইজনৰ আনজনৰ বাবে মঙ্গলকামনা আৰু আজীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি। চলিত বৰ্ষৰ ১৯ আগষ্ট, সোমবাৰ অৰ্থাৎ আজিৰ এই দিনটোতেই ৰাখী বন্ধন উৎসৱ পালন কৰা হ’ব।
ৰক্ষা বন্ধনৰ উৎপত্তি হৈছিল প্ৰাচীন কালত। পৌৰাণিক কাহিনী অনুসৰি, এই উৎসৱৰ ইতিহাস মহাভাৰত যুগৰ সৈতে জড়িত।শিশুপাল বধৰ সময়ত শ্ৰীকৃষ্ণৰ হাতৰ আঙুলিটো সুদৰ্শন চক্ৰত লাগি সামান্য কাটিছিল। সেইসময়ত দ্ৰৌপদীয়ে দেখা পাই নিজে পিন্ধি থকা শাৰীখনৰ এক অংশ কাটি তেজ বৈ থকা কৃষ্ণৰ আঙুলিটোত বান্ধি দিছিল। কৃষ্ণই তাৰ বিনিময়ত দ্ৰৌপদীক সদায় সুৰক্ষা প্ৰদানৰ প্ৰতিজ্ঞা দিয়ে। এদিন যেতিয়া কৌৰবৰ সভাত দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ বাবে দ্ৰৌপদীয়ে সহায়হীন হৈ কৃষ্ণক সহায়ৰ বাবে মনত প্ৰাৰ্থনা কৰে আৰু ভগবান শ্ৰীকৃষ্ণই কৌৰৱৰ ৰাজসভাত দ্ৰৌপদীক বস্ত্ৰহৰণৰ পৰা ৰক্ষা কৰে।
অন্য এক কাহিনী অনুসৰি, এবাৰ দেৱৰাজ ইন্দ্ৰ অসুৰৰ হাতত বেয়াকৈ পৰাস্ত হ’বলগীয়া হৈছিল। তেতিয়া ভগৱান বিষ্ণুৰ পৰামৰ্শ মতে শাওণ মাহৰ পূৰ্ণিমা তিথিত ইন্দ্ৰানীয়ে তেওঁৰ স্বামী ইন্দ্ৰদেৱতাৰ হাতৰ মণিবন্ধনত তেওঁৰ মঙ্গল কামনাৰে এডাল ৰছী বান্ধি দিছিল আৰু সেই সুৰক্ষা বন্ধনী পিন্ধাৰ পিছত দেৱৰাজে অসুৰক জয় কৰি তেওঁৰ অমৰাৱতী ঘূৰাই পাবলৈ সক্ষম হৈছিল।
ভাতৃ-ভগ্নীৰ পৱিত্ৰ সম্পৰ্কৰ প্ৰতীক “ৰাখী-বন্ধন”ৰ এই পৱিত্ৰ উপলক্ষত সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ ।
No Result
View All Result