খেলুৱৈসকলৰ বাবে ফিটনেছ অতি গুৰুত্বপূৰ্ণ। কিয়নো ই কেৱল পেশীবোৰ শক্তিশালী কৰাই নহয়, ই খেলুৱৈগৰাকীৰ মনোবলও বৃদ্ধি কৰে। সেয়েহে খেলুৱৈসকলে তেওঁলোকৰ ব্যায়ামৰ পৰা আহাৰ পৰিকল্পনালৈকে সকলো বোৰৰ বিশেষ যত্ন ল’ব লাগে।
২০২০ চনত টকিঅ’ অলিম্পিকত জেভলিন থ্ৰো’ত স্বৰ্ণজয়ী ভাৰতীয় খেলুৱৈ নীৰজ চোপ্ৰাই, ২০২৪ চনৰ পেৰিছ অলিম্পিকতো ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। নিজৰ উজ্জ্বল প্ৰদৰ্শনেৰে দেশৰ নাম আলোকিত কৰা নীৰজ চোপ্ৰাই কেৱল ক্ৰীড়া ক্ষেত্ৰতে নহয়, নিজৰ শৰীৰৰ ফিটনেছ বজাই ৰখাৰ ক্ষেত্ৰতো কঠোৰ পৰিশ্ৰম কৰে।
নীৰজ চোপ্ৰা তেওঁৰ ফিটনেছ ৰুটিনৰ বিষয়ে অতি কঠোৰ। সেয়া লাগিলে ব্যায়ামেই হওঁক বা খাদ্যৰ ওপৰত সংযম ৰখায়েই হওঁক। নীৰজ চোপ্ৰাই প্ৰত্যেকজন ভাৰতীয়ৰ দৰে দেশী খাদ্যও ভাল পায়। তেওঁ চুৰ্মাৰ পৰা আদি কৰি ক্ষীৰ, গোলগাপ্পা, আইচক্ৰীমৰ সৈতে গুলাব জামুন আদি খায় ভাল পায়, যদিও ফিটনেছ অনুশাসনৰ বাবে তেওঁ এই বস্তুবোৰ Cheat Meal হিচাপে লয় আৰু সেইটোও যেতিয়া তেওঁ কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নালাগে। গতিকে পুৱাৰ আহাৰৰ পৰা নিশাৰ আহাৰলৈকে নীৰজ চোপ্ৰাৰ আহাৰৰ তালিকা কেনেধৰণৰ জানো আহক।
নীৰজ চোপ্ৰাৰ আহাৰ
অলিম্পিক ৱেবছাইট অনুসৰি, খেলুৱৈসকলক শৰীৰৰ চৰ্বি অলপ বেছি বৰ্তাই ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে, কিয়নো চৰ্বিয়ে খেলুৱৈসকলক শক্তি প্ৰদান কৰাত সহায় কৰে। অৱশ্যে, এইটো মনত ৰখা হয় যে এই চৰ্বি যাতে সীমিত পৰিমাণত থাকে। নীৰজ চোপ্ৰাই তেওঁৰ আহাৰত চৰ্বি আৰু প্ৰ’টিনও অন্তৰ্ভুক্ত কৰে। ই পেশীবোৰক শক্তিশালী কৰাত সহায় কৰে।
পুৱাৰ আহাৰত কি খায় নীৰজে?
নীৰজ চোপ্ৰাই পুৱাৰ আহাৰত ফল, দৈ, অমলেট, দুটুকুৰা পিঠা, নাৰিকল পানী, শুকান ফল, তিনিৰ পৰা চাৰিটা কণীৰ বগা অংশ আৰু ওটচ গ্ৰহণ কৰে। ইয়াৰ পিছত, তেওঁ জলপানত চিয়া বীজ, শুকান ফল, কল, ৰস বা নাৰিকলপানী গ্ৰহণ কৰে।
দুপৰীয়াৰ আহাৰত প্ৰ’টিন সমৃদ্ধ
নীৰজ চোপ্ৰাই দিনটোৰ খাদ্যত মাহজাতীয় শস্য, দৈ, চাউল, পাচলি, চালাড আদি বস্তু গ্ৰহণ কৰে। ইয়াৰ উপৰি, তেওঁৰ দুপৰীয়াৰ আহাৰত গ্ৰিল কৰা মুৰ্গীৰ মাংস থাকে, যিয়ে প্ৰ’টিনৰ প্ৰয়োজনীয়তা পূৰণ কৰে।
নিশাৰ আহাৰ
নীৰজ চোপ্ৰাৰ নিশাৰ আহাৰৰ বিষয়ে ক’লে, নিশা তেওঁ ফল, প্ৰ’টিন খাদ্য, চুপ আৰু সিজোৱা পাচলি আদি খায়। বেছিভাগ সময়তেই তেওঁলোকৰ আহাৰৰ আৰ্হি একে থাকে। নিশা শোৱাৰ আগত তেওঁ এগিলাচ গাখীৰ আৰু খেজুৰ গ্ৰহণ কৰে। কেতিয়াবা তেওঁ ইয়াৰ সৈতে গুৰও গ্ৰহণ কৰে।