মঙলবাৰে নিশা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই চোৰেনৰ এচকোৰ্ট বাহনক এখন অচিনাকী ট্ৰাকে খুন্দিওৱাৰ ফলত এচকোৰ্ট বাহনখনৰ চালকজনৰ মৃত্যু হয়। ঘটনাস্থলতেই মৃত্যু হোৱা চালকজনক বিনয় কুমাৰ বুলি চিনাক্ত কৰা হৈছে।
নিশা প্ৰায় ২ বজাত সংঘটিত এই দুৰ্ঘটনাটোত আন পাঁচগৰাকী আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হয়।
জানিব পৰা অনুসৰি, প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই চোৰেনে জিলিংগোড়াস্থিত নিজ বাসগৃহলৈ আহি থকা সময়তে মুড়িয়াৰ সমীপত এখন অচিনাকী বাহনে তেওঁৰ এচকোৰ্ট বাহনখনক মহতিয়াই লৈ যায়।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই আহত জোৱান কেইজনক সদৰ হাস্পতাললৈ লৈ যোৱা হয় যদিও চালকজনৰ ইতিমধ্যেই মৃত্যু হোৱা বুলি সদৰি কৰে চিকিৎসকে।
আনহাতে দুৰ্ঘটনাটোত আহত হোৱা আন আৰক্ষী জোৱান কেইজনক প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে এমজিএমলৈ প্ৰেৰণ কৰে।