আজি অন্ধ্ৰ প্ৰদেশৰ এনাকেপল্লে জিলাস্থিত এচেন্সিয়া কোম্পানীৰ ৰিয়েক্টৰত সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ। এই ঘটনাত ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০ জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।
দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত সংঘটিত হোৱা এই ঘটনাৰ ফলত বহু কৰ্মচাৰী আহত হয়। বৰ্তমান সেই স্থানত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীকে ধৰি জৰুৰীকালীন সেৱাৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
বিস্ফোৰণৰ পিছতেই সমগ্ৰ অঞ্চলটো ধোঁৱাৰে আৱৰি ধৰে। আহতসকলক তাৎক্ষণিকভাৱে চিকিৎসাৰ বাবে এনাকেপল্লে এন টি আৰ হাস্পতাল আৰু ওচৰৰ ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়।
জানিব পৰা অনুসৰি এই বিস্ফোৰণৰ পিছত জিলা উপায়ুক্তৰ লগতে আৰক্ষী অধীক্ষক ঘটনাস্থললৈ ৰাওনা হৈছে আৰু কি কাৰণত এই ভয়ংকৰ ঘটনা সংঘটিত হ’ল তাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।