মেঘালয়ৰ পাহাৰত নিৰ্মিত ইউ এছ টি এমৰ বাবে গুৱাহাটী মহানগৰত অভাৱনীয় বান পৰিস্থিতি উদ্ভৱ হোৱা বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক লৈ সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত পুনৰ মুখ খুলিছে মুখ্যমন্ত্ৰী শৰ্মাই।
সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছু আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী শৰ্মাক সমালোচনা কৰি থকা সন্দৰ্ভত তেওঁ কয়, ‘তেওঁলোকে বিৰোধিতা কৰক মই মোৰ কাম কৰি থাকিম। মানুহে মোক ভোট দিছে। ২০২৬ চনলৈকে মই মোৰ কাম কৰিম। ২০২৬ চনৰ পাছত যদি অখিল গগৈ মুখ্যমন্ত্রী হয় তেনেহ’লে তেওঁ তেওঁৰ কাম কৰিব’।
ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই USTM-ত পঢ়া শিক্ষাৰ্থীসকলে অসমত চাকৰি কৰিবলৈ হ’লে ইয়াত পুনৰবাৰ পৰীক্ষা দিব লাগিব বুলি বুধবাৰে কৰা মন্তব্য সন্দৰ্ভত তেওঁ পুনৰ স্পষ্টৰূপত কয়, ‘পুনৰ পৰীক্ষা দিব লাগিব, যিটো মই কৈছো সেইটো মোৰ কনচেপ্ট। তাক কাৰ্যকৰী কৰাৰ বাবে আইন বনাব লাগিব। সেইটো মই কৰি আছো’।
আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে বৰাক উপত্যকাৰ শিলচৰত উপস্থিত হৈ এই মন্তব্য কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে ধলাই উপ-নিৰ্বাচনৰ প্ৰাৰ্থী বাছনিৰ দায়িত্ব পৰিমল শুক্লবৈদ্যক দিয়া হৈছে বুলিও ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। ধলাই সমষ্টিৰ বড়জালেঙ্গাত মডেল ডিগ্ৰী কলেজৰ ভূমি পূজন কৰি মুখ্যমন্ত্ৰীয়ে এই কথা জনাইছে।
ধলাই উপ-নিৰ্বাচনক সম্মুখত ৰাখি মুখ্যমন্ত্ৰীয়ে সমষ্টিটোৰ কেইবাটাও উন্নয়নমূলক আঁচনিৰ মুকুলি কৰে। ইয়াৰ উপৰি মুখ্যমন্ত্ৰী শৰ্মাই সমষ্টিটোত কেইবাটাও নতুন আঁচনিৰ কথা ঘোষণা কৰে।