দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে নাৰী অপৰাধজনিত ঘটনা। কলকাতা, অসমৰ লগতে আন কেইবাখনো ৰাজ্যৰ পিছত শেহতীয়াকৈ এনে এক জঘন্য ঘটনাই পোহৰলৈ আহিছে মায়ানগৰী মুম্বাইৰ পৰা।
জানিব পৰা মতে, এজন ২১ বছৰীয়া যুৱকে প্ৰথমে ছ’চিয়েল মিডিয়াত ১৩ বছৰীয়া কিশোৰীৰ লগত বন্ধুত্ব স্থাপন কৰিছিল আৰু তাৰ পিছত প্ৰেমৰ মায়াজালেৰে আবদ্ধ কৰিছিল।
ইয়াৰ পিছতেই কথাৰ চলেৰে কিশোৰীগৰাকীক মুম্বাইৰ আন্ধেৰীৰ এটা হোটেলৰ কোঠালৈ লৈ যায় আৰু উপৰ্যপুৰি ধৰ্ষণ কৰে।
কিন্তু পৰৱৰ্তী সময়ত লম্পট নেল নামৰ যুৱকজনে কিশোৰীগৰাকীক আকৌ পুনৰ ধৰ্ষণ কৰাৰ মনেৰে গুজৰাটলৈ লৈ যায় আৰু তাতো বহুবাৰ কিশোৰীগৰাকীক ধৰ্ষণ কৰে।
অভিযুক্ত যুৱকজন মুম্বাই মহানগৰীৰ গোৰেগাঁও অঞ্চলৰ এখন হোটেলত কাম কৰিছিল।
আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তই ছ’চিয়েল মিডিয়া এপ ইনষ্টাগ্ৰামৰ জৰিয়তে ছোৱালীজনীৰ সৈতে ঘনিষ্ঠ বন্ধুত্ব স্থাপন কৰি তুলিছিল আৰু তাৰ পিছত দুয়ো দেখা সাক্ষাৎ কৰি দৃঢ় কৰি তুলিছিল সম্পৰ্ক।
ভাকোলা থানাৰ এজন আৰক্ষী বিষয়াই জনোৱা মতে কিশোৰীগৰাকীক মুম্বাইত ধৰ্ষণ কৰাৰ পিছত অভিযুক্ত যুৱকজনে ফুচুলাই গুজৰাটলৈ লৈ যায় আৰু তাতো তেওঁ ছোৱালীজনীক ধৰ্ষণ কৰে।
লগতে আৰক্ষী বিষয়াজনে জানিবলৈ দিয়ে যে কিশোৰীগৰাকীৰ পৰিয়ালে নিৰুদ্দেশ হোৱাৰ অভিযোগ তুলি নিকটৱৰ্তী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল যদিও কিছুদিন পিছতেই কিশোৰীগৰাকীয়ে নিজেই ঘৰলৈ উভতি আহে।
গৰলৈ উভতি আহি অভিযুক্ত নেলে কেনেকৈ প্ৰথমে আন্ধেৰীত কিশোৰীগৰাকীক ধৰ্ষণ কৰিছিল আৰু তাৰ পিছত গুজৰাটতো ধৰ্ষণ কৰিছিল সেই কথা পৰিয়ালৰ লোকৰ আগত অৱগত কৰে।
মুম্বাই আৰক্ষীয়ে জনোৱা মতে কিশোৰীগৰাকীয়ে অভিযুক্তৰ ছবি ইনষ্টাগ্ৰামত দেখুৱাই ঘটনাটোৰ বিষয়ে বিবৰি বৰ্ণনা কৰে। ইয়াৰ পিছতেই পৰিয়ালটোৱে লম্পটটোৰ ওপৰত ভাকোলা থানাত এজাহাৰ দাখিল কৰে।
অপহৰণ আৰু ধৰ্ষণৰ অভিযোগত POCSO আইনৰ ৪, ৮ আৰু ১২ নং ধাৰাত গোচৰ নেলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি এজাহাৰ ভিত্তিত মঙলবাৰে অভিযুক্তক আৰক্ষীয়ে গোৰেগাঁৱৰ নিজৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে।