কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ এণ্ড হাস্পতালৰ এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ অভিযুক্ত সঞ্জয় ৰয়ক দেওবাৰে পলিগ্ৰাফ টেষ্ট কৰা হ’ব। ইয়াৰ পূৰ্বে শনিবাৰে গোচৰটোৰ সৈতে সম্পৰ্কিত ছয়জন লোকৰ ওপৰত এক পলিগ্ৰাফ পৰীক্ষা কৰা হৈছিল। যাৰ ভিতৰত আছে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ।
সঞ্জয় ৰয়ৰ পলিগ্ৰাফ পৰীক্ষা শনিবাৰে অনুষ্ঠিত হোৱাৰ কথা আছিল কিন্তু কাৰিকৰী সমস্যাৰ বাবে এইটো কৰিব পৰা নগ’ল। এনে পৰিস্থিতিত এতিয়া চিএফএছএল দলটোৱে কাৰাগাৰতে সঞ্জয় ৰয়ৰ পলিগ্ৰাফ টেষ্ট কৰা হ’ব বুলি জানিব পৰা গৈছে।
সূত্ৰ অনুসৰি, এই পৰীক্ষাত তিনি প্ৰকাৰৰ প্ৰশ্ন আছে। একে সময়তে চিবিআইৰ বিশেষ দল আৰু চিএফএছএলৰ বিশেষজ্ঞসকলে অভিযুক্ত সঞ্জয় ৰয়ক পলিগ্ৰাফ পৰীক্ষাত সুধিবলৈ ২১ টা প্ৰশ্নৰ এখন তালিকা প্ৰস্তুত কৰিছে।
পলিগ্ৰাফ চেষ্টত সঞ্জয় ৰয়ক সুধিবলগীয়া প্ৰশ্নসমূহঃ
১. আপোনাৰ নাম সঞ্জয় ৰয় নেকি?
২. বিলাহীৰ ৰং ৰঙা নেকি?
৩. আপুনি কলিকতাত বাস কৰে নেকি?
৪. আপুনি কেতিয়াবা মিছা কৈছে নেকি?
৫. আপুনি মটৰচাইকেল কেনেদৰে চলাব লাগে জানেনে?
৬. আপোনাৰ ম’বাইল নম্বৰটো মোক কওঁক, আপোনাৰ কিমানটা ফোন আছে?
৭. আপুনি নীলা চিনেমা চায় নেকি?
৮. ঘটনাটোৰ দিনা আপুনি চিকিৎসালয়ত আছিলনে?
৯. আপুনি ভুক্তভোগীজনক চিনি পাইছিলনে?
১০. আপুনি ভুক্তভোগীগৰাকীক আগতে উৎপীড়ন কৰিছিল নেকি?
১১. আপুনি ভুক্তভোগীগৰাকীক ধৰ্ষণ কৰিছিল নে?
১২. আপুনি ভুক্তভোগীজনক হত্যা কৰিছে নেকি?
১৩. ঘটনাত আপোনাৰ সৈতে আন কোনো জড়িত আছিল নেকি?
১৪. হত্যা কৰাৰ পিছত আপুনি চিকিৎসালয়ৰ পৰা পলাই গৈছিল নেকি?
১৫. আপুনি ড০ সন্দীপ ঘোষক চিনি পায় নেকি?
১৬. আপুনি সন্দীপ ঘোষক হত্যাৰ বিষয়ে অৱগত কৰিছিল নে?
১৭. ভুক্তভোগীজনক হত্যা কৰাৰ আগতে আপুনি ৰেড লাইট এলেকালৈ গৈছিল নেকি?
১৮. আপোনাৰ সৈতে চেমিনাৰ হলত আন কোনোবা উপস্থিত আছিল নেকি?
১৯. আপুনি ঘটনাটোৰ বিষয়ে কাৰোবাক কৈছিল নে?
২০. চেমিনাৰ হলত আপোনাৰ ব্লুটুথ চিঙিছিল হৈছিল নেকি?
২১. আপুনি সকলো প্ৰশ্নৰ সঠিক উত্তৰ দিছে নেকি?
ইফালে, চিবিআইয়ে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ বাসগৃহত তালাচী চলাইছিল। ঘোষ অধ্যক্ষ হৈ থাকোতে চিবিআইয়ে দেওবাৰে পুৱতি নিশা চিকিৎসা মহাবিদ্যালয়ত বিত্তীয় অনিয়মৰ অভিযোগত অভিযান চলাইছিল।
তেওঁলোকে কয় যে, চহৰখনৰ আন ১৪ টা ঠাইত তালাচী চলোৱা হৈছে। যাৰ ভিতৰত আছে আন অভিযুক্ত ব্যক্তি আৰু তেওঁলোকৰ সহযোগীসকলৰ চৌহদ।