ধুবুৰীৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। AS-17-E-3716 নম্বৰৰ এখন দ্ৰুতবেগী মটৰ চাইকেলৰ খুন্দাত এজন পথচাৰীৰ মৃত্যু হোৱাৰ খবৰ আহিছে।
জানিব পৰা অনুসৰি, গৌৰীপুৰ অভিমুখে গৈ থকা অৱস্থাত মটৰ চাইকেলৰ চালকজনে পথচাৰী এজনক খুন্দিওৱাৰ ফলতেই এই ভয়ংকৰ ঘটনাটো সংঘটিত হয়।
মৃত পথচাৰীজন গৌৰীপুৰ টিয়ামাৰীৰ ৰহমত আলী বুলি চিনাক্ত কৰা হৈছে।
মটৰ চাইকেলৰ চালকজন বিলাসীপাৰাৰ উত্তৰপাৰৰ দশৰথ নাথ বুলি জানিব পৰা গৈছে। দশৰথ নাথ ভাৰতীয় সেনাত কৰ্মৰত এজন সেনা জোৱান। মটৰ চাইকেলৰ চালকজনৰ লগত আছিল এগৰাকী মহিলা।
অৱশ্যে মহিলা গৰাকীৰ নাম আৰু পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই যদিও মহিলা গৰাকীৰ ঘৰ গোলকগঞ্জত বুলি জানিব পৰা গৈছে।
ইফালে দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হোৱা মটৰ চাইকেলৰ চালকজনক সংকটজনক অৱস্থাত ধুবুৰীৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।
ইনপুট : আমিনুৰ আহমেদ (ধুবুৰী)