ইংলেণ্ড আৰু শ্ৰীলংকাৰ মাজত চলি থকা তিনিখন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেলত আয়োজক দল ইংলেণ্ডে ৫ উইকেটত জয়লাভ কৰিছে। প্ৰথম ইনিংছত শতক অৰ্জন কৰি ইতিহাস ৰচা উইকেটকীপাৰ বেটছমেন জেমী স্মিথে লাভ কৰিছে মেন অৱ দ্য মেচৰ বঁটা।
মেচখন জয়ী হ’বলৈ ইংলেণ্ডক দ্বিতীয় ইনিংছত ২০৫ ৰানৰ প্ৰয়োজন হৈছিল যদিও জ’ ৰুটৰ অপৰাজিত ৬২ ৰানৰ সহায়ত দলটোৱে সহজেই মেচখন জয়ী হয়।
এই মেচখনত ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক জ’ ৰুটে এক ঐতিহাসিক কৃতিত্ব অৰ্জন কৰি ৰাহুল দ্ৰাবিড়, এলান বৰ্ডাৰ আৰু ৰিকি পণ্টিঙৰ নামত থকা এক অভিলেখ ভংগ কৰে।
মানচেষ্টাৰত অনুষ্ঠিত মেচখনৰ দ্বিতীয় ইনিংছত জ’ ৰুটে ১২৮টা বলত ২টা চাৰিৰ সহায়ত ৬২ ৰানৰ অপৰাজিত ইনিংছ খেলে। এইটো আছিল জ’ ৰুটৰ টেষ্ট কেৰিয়াৰৰ ৬৪ সংখ্যক অৰ্ধশতকীয় ইনিংছ। ইয়াৰ লগে লগে তেওঁ অৰ্ধশতক অৰ্জন কৰাৰ তালিকাৰ তৃতীয় স্থানত উপনীত হয়।
১৪৪ খন টেষ্টৰ ২৬৩ সংখ্যক ইনিংছত ৬৪ নম্বৰ অৰ্ধশতক অৰ্জন কৰা ৰুটে সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰাৰ ক্ষেত্ৰত অতিক্ৰম কৰে এলান বৰ্ডাৰ, ৰাহুল দ্ৰাবিড় আৰু ৰিকি পণ্টিঙক।
বৰ্ডাৰ আৰু ৰাহুল দ্ৰাবিড়ৰ নামত আছিল ৬৩টাকৈ অৰ্ধশতক। আনহাতে ৰিকি পণ্টিঙৰ নামত আছে ৬২টা অৰ্ধশতক।
ইফালে এই তালিকাৰ শীৰ্ষ স্থানত আছে শচীন তেণ্ডুলকাৰ। তেওঁৰ নামত আছে ৬৮টা অৰ্ধশতক। আনহাতে ৬৬টা অৰ্ধশতকেৰে এই তালিকাৰ দ্বিতীয় স্থানত আছে ৱেষ্ট ইণ্ডিজৰ শিৱনাৰায়ন চন্দ্ৰপল।