জম্মু-কাশ্মীৰত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিলে সংশোধিত প্ৰাৰ্থীৰ তালিকা। জম্মু-কাশ্মীৰত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ এইখন প্ৰথম প্ৰাৰ্থীৰ তালিকা।
ইয়াৰ পূৰ্বে আজি পুৱা ৪৪ গৰাকী প্ৰাৰ্থীৰ নাম সন্নিৱিষ্ট প্ৰথমখন তালিকা প্ৰকাশ কৰিছিল বিজেপিয়ে। কিন্তু কিছু সময় পিছতেই বিজেপিৰ তৰফৰ পৰা ৰহস্যজনকভাৱে এই তালিকাখন প্ৰত্যাহাৰ কৰা হয়।
কিন্তু কিছু সময় পূৰ্বে প্ৰকাশ কৰা সংশোধিত তালিকাখনত মাত্ৰ ১৫ গৰাকী প্ৰাৰ্থীৰ নামহে প্ৰকাশ কৰে।
উল্লেখ্য যে, জম্মু-কাশ্মীৰত ১৮ ছেপ্তেম্বৰ, ২৫ ছেপ্তেম্বৰ আৰু ১ অক্টোবৰত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন। ৪ অক্টোবৰত ঘোষণা কৰা হ’ব ফলাফল।
অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰা প্ৰথমখন প্ৰাৰ্থীৰ তালিকাই স্বাভাৱিকতে সকলোকে আচৰিত কৰি তুলিছে। কিয়নো প্ৰথমখন তালিকাত নাম নাই কেইবাজনো শীৰ্ষ নেতাৰ।
উল্লেখ্য যে, ১৮ ছেপ্তেম্বৰত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ২৪টা সমষ্টিৰ বাবে ভোটগ্ৰহণ হ’ব।