মেষ-আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক,যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়। নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে। শুভ নম্বৰ-৭, শুভ ৰং-নীলা
বৃষ-আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। সীমাহীন সৃজনাত্মক কাম আৰু উৎসাহে আপোনাক এটা লাভদায়ক দিশৰ পিনে লৈ যাব পাৰে।শুভ নম্বৰ-৬, শুভ ৰং-ৰঙা
মিথুন-আজি আপুনি উদাৰতা আৰু স্নেহেৰে ভৰা প্ৰেমৰ উপহাৰ পাব পাৰে। যাক আপুনি চকু মুদি বিশ্বাস কৰে, তেখেতেই আপোনাৰ বিশ্বাস ভাঙিব পাৰে তাৰ বাবে সাৱধান হ’ব।শুভ নম্বৰ-৩, শুভ ৰং-গুলপীয়া
কৰ্কট-আজি আপোনাৰ জীৱন সংগীৰ লগত অৰ্থ সম্বন্ধীয় বিষয়ক লৈ কাজিয়াৰ সৃষ্টি হ’ব পাৰে। দিনটো সতেজ অনুভৱ কৰিব। শুভ নম্বৰ-২, শুভ ৰং-ৰঙা
সিংহ-শাৰীৰিক আৰু মানসিক ভাৱে সুস্থ থাকিবৰ বাবে ধুম্ৰ পানৰ অভ্যাস এৰি দিয়ক।আজিৰ দিনটো আনন্দৰে ভৰা হ’ব। আপোনাৰ জীৱন সংগীয়ে আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব।শুভ নম্বৰ-১, শুভ ৰং-নীলা
কন্যা-অলপ বিশ্ৰাম কৰক আৰু কামৰ মাজত যিমান পাৰে সিমান বেছি আৰাম কৰক। নিজৰ জীৱন সংগীৰ অসুস্থ স্বাস্থ্যৰ বাবে আপুনি বহুত চিন্তিত থাকিব পাৰে।শুভ নম্বৰ-৮, শুভ ৰং-সুমথিৰা
তুলা-অপ্ৰত্যাশিতভাৱে আগমণ হোৱা অতিথিৰ ভাগ্যৰ বলত আপোনাৰ আৰ্থিক লাভ হ’ব। বন্ধু আৰু জীৱন সংগীয়ে আপোনাক আৰাম আৰু সুখ দিব।শুভ নম্বৰ-৯, শুভ ৰং-সেউজীয়া
বৃশ্চিক-কৰ্মস্থানত উন্নতিৰ মুখ দেখিব। শাৰীৰিক শ্ৰম অধিক হ’ব। শুভ নম্বৰ-৪, শুভ ৰং-হালধীয়া
ধনু-নিজক সময় দিয়ক। কৰ্মস্থানত অধিক কষ্টৰ সন্মুখীন হ’ব। শৰীৰৰ যত্ন লব। ব্যৱসায়ত উন্নতিৰ মুখ দেখিব। শুভ নম্বৰ-৭, শুভ ৰং-বগা
মকৰ-আজি নিজৰ স্বাস্থ্য আৰু মুখ মণ্ডলৰ যত্ন ল’ব। শুভ নম্বৰ-৫, শুভ ৰং-বগা
কুম্ভ-সময়ৰ সদ্ব্যৱহাৰ কৰা শিকক।যদি আপোনাৰ ওচৰত অৱসৰ সময় আছে তেন্তে কলাত্মক কাম কৰাৰ চেষ্টা কৰক। শুভ নম্বৰ-৩, শুভ ৰং-সোণালী
মীন-আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক। ধনৰ লগত জড়িত যিকোনো সমস্যা আজি সমাধান হব পাৰে আৰু ফলস্বৰূপে আপোনাৰ অৰ্থ লাভ হ’ব পাৰে। শুভ নম্বৰ-২, শুভ ৰং-নীলা