পাকিস্তানৰ বেলুচিস্তানত এতিয়া সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ। স্বাধীনতাৰ দাবীত বিৰাজ কৰে এই উত্তপ্ত পৰিস্থিতি। বেলুচ লিবাৰেচন আৰ্মীয়ে সচৰাচৰ বেলুচিস্তানৰ বিভিন্ন অঞ্চলত সংঘটিত কৰি আহিছে ভয়ংকৰ আক্ৰমণ। আক্ৰমণত প্ৰাণ হেৰুৱাইছে হাজাৰ-হাজাৰ লোকে।
শেহতীয়াকৈ বেলুচিস্তানৰ মুছাখেলত সংগঠনটোৰ সশস্ত্ৰ যোদ্ধাসকলে ঘাইপথ বন্ধ কৰি যাত্ৰীবাহী বাহন-ট্ৰাক ৰখাই নিৰ্মমভাৱে ২৩ জন লোকক হত্যা কৰে। এজন এজনকৈ লোকসকলৰ পৰিচয় শুধি এই নৃশংস ঘটনা সংঘটিত কৰে।
মৃত্যু হোৱাৰ ২০ জন নাগৰিক পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ বুলি জানিব পৰা গৈছে। পাকিস্তানৰ পঞ্জাৱৰ লোকৰ ওপৰত বেলুচ লিবাৰেচন আৰ্মীৰ এই আক্ৰমণ এয়াই প্ৰথম নহয়। বছৰ বছৰ ধৰি বেলুচ লিবাৰেচন আৰ্মীয়ে পঞ্জাৱৰ সাধাৰণ জনতাক লক্ষ্য কৰি আহিছে।
আনহাতে ইয়াৰ পূৰ্বেও বেলুচ আৰ্মীৰ আক্ৰমণত পঞ্জাৱৰ বহু লোকৰ মৃত্যু হৈছিল। এনে পৰিস্থিতিত এতিয়া এক প্ৰশ্ন উত্থাপন হৈছে যে কেৱল পঞ্জাৱৰ জনতাক কিয় লক্ষ্য কৰি লৈছে বেলুচ লিবাৰেচন আৰ্মীয়ে?
উল্লেখ্য যে, স্বাধীনতাৰ সময়ত ভাৰত-পাকিস্তানৰ বিভাজন হোৱাৰ পাছৰ পৰাই বেলুচিস্তানৰ জনসাধাৰণে এখন স্বাধীন দেশৰ দাবী কৰি আহিছে। এই অঞ্চলৰ লোকসকলে দাবী কৰে যে পাকিস্তানে বেলুচিস্তান অবৈধভাৱে দখল কৰি আছে। যাৰ বাবে বেলুচিস্তানক স্বাধীন কৰিবলৈ বহু দল সংগঠনৰ জন্ম হৈছিল। তাৰ ভিতৰত বেলুচ লিবাৰেচন আৰ্মী অতি প্ৰভাৱশালী আৰু শক্তিশালী সংগঠন।
এই সংগঠনটোৱে পূৰ্বৰে পৰা বহু কূটাঘাটমূলক ঘটনা সংঘটিত কৰি আহিছে। আজিৰ পৰা প্ৰায় ২৪ বছৰ পূৰ্বে এই সংগঠনটোৰ জন্ম হৈছিল আৰু তেতিয়াৰ পৰা ই অহৰহ বেলুচিস্তানৰ স্বাধীনতাৰ বাবে যুঁজ দি আহিছে। এই বেলুচ লিবাৰেচন আৰ্মীৰ মূল যুঁজখন পাকিস্তান চৰকাৰৰ বিৰুদ্ধে যদিও বছৰ বছৰ ধৰি তেওঁলোকে পাকিস্তানৰ পঞ্জাৱৰ জনসাধাৰণক লক্ষ্য কৰি আহিছে।
তথ্য অনুসৰি বিগত বৰ্ষতো বেলুচিস্তানৰ তুৰবটত অজ্ঞাত অস্ত্ৰধাৰীয়ে পঞ্জাৱৰ ৬ জন শ্ৰমিকক গুলীয়াই হত্যা কৰিছিল। পাকিস্তান আৰক্ষীয়ে এয়া টাৰ্গেট কিলিং বুলি কৈছিল।
আৰক্ষীয়ে কৈছিল যে বেলুচ লিবাৰেচন আৰ্মীয়ে তেওঁলোকৰ পৰিচয় গম পোৱাৰ পাছত হত্যা কৰিছিল লোক কেইজনক। আনহাতে ২০১৫ চনতো এনে এক ঘটনা সংঘটিত হৈছিল য’ত ২০ জন শ্ৰমিকক হত্যা কৰা হৈছিল। মৃত্যু হোৱা আটাইকেইজন পঞ্জাৱ আৰু সিন্ধু প্ৰান্তৰ আছিল।