ভাৰত-চীন সীমান্তৰ টাপিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন সেনাৰ বাহন দুৰ্ঘটনাত পতিত হোৱাত তিনিজন ভাৰতীয় সেনা জোৱানৰ মৃত্যু হৈছে।
দুৰ্ঘটনাটোত মৃত্যুক আকোৱালি লোৱা সেনা তিনিজন ডুমডুমাৰ ৰূপাইস্থিত ১৯নং গ্ৰেণেডিয়াৰৰ বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত খবৰ অনুসৰি, সীমান্তত প্রশিক্ষণ সামৰি তিনিচুকীয়ালৈ উভতি আহি থকাৰ সময়তে পাহাৰৰ পৰা দ’ খাৱৈত বাগৰি পৰে জোৱান কঢ়িওৱা সেনাৰ বাহনখন।
এই কৰুণ দুৰ্ঘটনাটোত অন্য চাৰিজন জোৱান গুৰুতৰভাৱে আহত হয়।
নিহত জোৱান কেইজন হৈছে হাবলদাৰ নিখাত সিং, নায়ক মুকেশ কুমাৰ আৰু গ্ৰেনেডিয়াৰ আশিস।
নিহত জোৱান কেইজনক অৰুণাচল প্ৰদেশৰ হাইলং সেনা চাউনীত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সেনাৰ বিমানেৰে ডিব্ৰুগড় বিমান বন্দৰলৈ প্ৰেৰণ কৰিছে।
ডিব্ৰুগড় বিমান বন্দৰৰ পৰাই সেনা জোৱান কেইজনৰ মৃতদেহ বিমানেৰে নিজ নিজ গৃহলৈ প্ৰেৰণ কৰিব।










