অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত উদ্ধাৰ হৈছে বাংলাদেশৰ আৱামী লীগৰ এজন শীৰ্ষ নেতাৰ মৃতদেহ। উমকিয়াং পাহাৰৰ এখন চুপাৰি বাগিচাত উদ্ধাৰ হয় নেতাজনৰ মৃতদেহ।
মৃতদেহ উদ্ধাৰ হোৱা নেতাজনক ইছাক আলী খান পান্না বুলি চিনাক্ত কৰা হৈছে। ৬০ বছৰীয়া ইছাক আলীৰ মৃতদেহ উদ্ধাৰৰ পিছতেই মেঘালয় আৰক্ষীয়ে তেওঁৰ পাছপ’ৰ্টৰ পৰা পৰিচয় নিশ্চিত কৰে।
ইফালে মেঘালয় আৰক্ষীয়ে বাংলাদেশ উচ্চায়ুক্তৰ সৈতেও যোগাযোগ কৰি নিশ্চিত কৰিছে ইছাকৰ তথ্য। মৃত নেতাজন বাংলাদেশৰ ফিৰোজপুৰৰ আৱামী লীগৰ সাধাৰণ সম্পাদক আছিল।
উল্লেখ্য যে, বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছতে উমকিয়াং সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল ইছাকে। চৰকাৰী চাকৰিৰ সংৰক্ষণ বিৰোধী আন্দোলনে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পিছতে আন্দোলনকাৰী বাংলাদেশৰ ছাত্ৰ সমাজৰ ৰোষৰ পৰা বাচিবলৈ ইছাক আলীয়ে ভাৰতত প্ৰৱেশ কৰিছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।