ভাৰতৰ ৰেল যাত্ৰী সকলৰ বাবে সুখবৰ। এক সমীক্ষা অনুসৰি ভাৰতৰ অধিক যাত্ৰীয়ে ৰেলত চলাচল কৰে। দীৰ্ঘ দূৰত্ব আৰু সুবিধাজনক হিচাপে গণ্য কৰি অধিকাংশ লোকেই ৰেল যাত্ৰা বাচি লয় বুলি জানিব পৰা যায়।
ভাৰতৰ ভিতৰতে ৰেল বিভাগটো যাতায়তৰ বৃহত মাধ্যম যদিও কেন্দ্ৰীয় চৰকাৰে আৰু অধিক শক্তিশালী কৰিবৰ বাবে লৈছে আন এক পদক্ষেপ ।শেহতীয়াকৈ ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰেল বিভাগত লৈছে আন এক আদৰণীয় পদক্ষেপ।
সমগ্ৰ ভাৰতবৰ্ষত ১০০ খনতকৈও অধিক কাৰ্যক্ষম বন্দে ভাৰত এক্সপ্ৰেছ ৰেল বৰ্তমানে কাৰ্য্যক্ষম হৈ আছে। ইয়াৰ লগতে সমগ্ৰ ভাৰতৰ ২৮০ খনতকৈও অধিক জিলাত অব্যাহত আছে বন্দে ভাৰত নামৰ ৰেলখন।
তাৰ পিছতো আন্তঃৰাজ্যিক ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ ভাৰতীয় ৰেল বিভাগে লৈছে আন এক পদক্ষেপ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশ, তামিলনাডু আৰু কৰ্ণাটকৰ ভ্ৰমণ সংযোগ উন্নত কৰাৰ লক্ষ্যৰে তিনিখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেল উদ্বোধন কৰিব বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ যোগেদি জানিব পৰা গৈছে। যিটো কথা ঘোষণা কৰিছে দেশৰ ৰেল মন্ত্ৰালয়ে ।
এই সংযোজনসমূহে ১০০ খনতকৈও অধিক কাৰ্যক্ষম বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ এক বিস্তৃত নেটৱৰ্কত একত্ৰিত হ’ব, যি সমগ্ৰ ভাৰতৰ ২৮০ খনতকৈও অধিক জিলাক সংযোগ কৰিব, যাৰ ফলত আন্তঃৰাজ্যিক ভ্ৰমণত ভাৰতীয় ৰেল যাত্ৰী সকল যথেষ্ট উপকৃত হ’ব।