ৰাজস্থানৰ চিত্তোৰগড় জিলাৰ পৰা আহিছে এক মৰ্মান্তিক ঘটনা। এটা পুখুৰীত ডুব যোৱাৰ ফলত চাৰিগৰাকী ছোৱালীৰ মৃত্যু হয়। এই কৰুণ ঘটনাটোত মৃত্যু হোৱা আটাইকেইগৰাকী ছোৱালীৰ বয়স ১৩ৰ পৰা ১৮ বছৰ হ’ব বুলি জানিব পৰা গৈছে।
৪ গৰাকী ছোৱালীৰ মৃত্যুত অঞ্চলটোত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হয়। গাঁৱৰ মানুহে আটাই কেইগৰাকী ছোৱালীৰ মৃতদেহ উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ গৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰিছিল।
চিকিৎসকে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে। তথ্য লাভ কৰাৰ লগে লগে সমবায় মন্ত্ৰী গৌতম দক আৰু এছডিএম ঈশ্বৰলাল খাটিকেও সেই স্থানত উপস্থিত হৈ ঘটনাৰ বুজ লয়।
পিছত আৰক্ষীয়ে মৃতদেহ চাৰিটা মৰণোত্তৰ পৰীক্ষাৰ বাবে ডুংলা হাস্পতাললৈ প্ৰেৰণ কৰে। এই ঘটনা সংঘটিত হৈছে ডুংলা অঞ্চলৰ বিলোডা গাঁৱত।
তথ্য অনুসৰি ডুংলা মহকুমা এলেকাৰ বিলোডা পুখুৰীত গা ধুবলৈ গৈ চাৰিওগৰাকী কন্যাৰ মৃত্যু হয়। আৰক্ষীৰ তথ্য অনুসৰি চাৰিওগৰাকী কন্যা আছিল ভগ্নী। চাৰিওগৰাকী ভগ্নীয়ে স্কুলৰ পৰা আহি গাঁৱৰ পুখুৰীত গা ধুবলৈ নামিছিল।
গা ধুই থকা অৱস্থাত পুখুৰীটোৰ গভীৰ প্ৰান্তত যোৱাৰ ফলতেই এই ঘটনাটো সংঘটিত হয়। আৰক্ষীৰ মতে, এগৰাকী ছোৱালীক বচাবলৈ চেষ্টা কৰাৰ সময়তে বাকী তিনিজনেও গভীৰতালৈ গৈ প্ৰাণ হেৰুৱাইছিল।
এই ঘটনা সংঘটিত হোৱাৰ বহু সময় পিছলৈকে ছোৱালী কেইগৰাকী ঘৰলৈ উভতি নহাত এই ঘটনা পোহৰলৈ আহে। এই ঘটনাটো দুদিন পূৰ্বে সংঘটিত হৈছে।