ছত্তীশগড়ৰ সীমান্তৱৰ্তী দন্তেৱাড়া আৰু বিজাপুৰত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত এনকাউণ্টাৰ চলি থকাৰ তথ্য পোহৰলৈ আহিছে। প্ৰাপ্ত খবৰ অনুসৰি দুয়োপক্ষৰ মাজত চলি থকা ভয়ংকৰ সংঘৰ্ষত এইপৰ্যন্ত ৯ জন মাওবাদী নিহত হৈছে।
ঘটনাস্থলৰ পৰা মাওবাদী কেইগৰাকীৰ মৃতদেহসমূহ উদ্ধাৰ কৰাৰ লগতে সেই স্থানৰ পৰা বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰা হৈছে।
সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি পশ্চিম বাষ্টাৰ সংমণ্ডলত মাওবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পিছত আৰক্ষীৰ যৌথ দলে অঞ্চলটোত তালাচী অভিযানত নামিছিল।
আজি পুৱা যুটীয়া অভিযানকাৰী দলটোৱে তালাচী চলাই থকাৰ সময়তে জংঘলত খাপ পিতি থকা মাওবাদীয়ে নিৰাপত্তাৰক্ষী দলটোক লক্ষ্য কৰি গুলীচালনা আৰম্ভ কৰে। লগে লগে নিৰাপত্তাৰক্ষীৰ দলটোৱেও প্ৰত্যুত্তৰত গুলীচালনা কৰাত ৯ গৰাকী মাওবাদী নিহত হয়।
শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, নিৰাপত্তাৰক্ষীৰ এটা বৃহৎ দলে অঞ্চলটো ঘেৰাও কৰি ৰাখিছে আৰু এতিয়াও মাজে মাজে দুয়োপক্ষৰ মাজত গুলীয়াগুলী চলি আছে।