গাজাত অব্যাহত থকা সন্ত্ৰাসবাদী সংগঠন আৰু ইজৰাইলৰ সেনাৰ মাজত চলি থকা যুদ্ধৰ সময়ত ইজৰাইললৈ অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য সামৰিক সামগ্ৰী ৰপ্তানি কৰা ভাৰতীয় কোম্পানীসমূহৰ অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ সৰ্বোচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰিছে সমাজৰ বিশেষ ৮জন ব্যক্তিয়ে।
অৱসৰপ্ৰাপ্ত কূটনীতিবিদ অশোক কুমাৰ শৰ্মা, প্ৰাক্তন আই এ এছ মীনা গুপ্তা, প্ৰাক্তন আই এফ এছ দেব মুখাৰ্জী, দিল্লী বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞানৰ প্ৰাক্তন ডীন অধ্যাপক অচিন বিনায়ক, অধ্যাপক জ্ঞান ড্ৰেজ, শাস্ত্ৰীয় সংগীতজ্ঞ থোদুৰ মাদাবুছি কৃষ্ণ, সমাজ কৰ্মী ড° দৰ্শ মন্দৰ আৰু শ্ৰমিক নেতা নিখিল ডে কি আৰু অধিবক্তা প্ৰশান্ত ভূষণে এই আৱেদন দাখিল কৰিছে।
নতুন অনুজ্ঞাপত্ৰ প্ৰদানৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ আহ্বান জনোৱা আবেদনখনত উল্লেখ কৰা হৈছে যে আন্তঃৰাষ্ট্ৰীয় চুক্তিত স্বাক্ষৰ কৰি ভাৰতে গণহত্যা ৰোধৰ বাবে নিজৰ ক্ষমতাৰ ভিতৰত সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি দায়বদ্ধ। সেয়ে ইজৰাইললৈ কোনো সামৰিক সঁজুলি বা অস্ত্ৰ-শস্ত্ৰ ৰপ্তানি কৰিব নোৱাৰে।
আবেদনকাৰীসকলৰ মতে সামৰিক অস্ত্ৰৰ যোগান অব্যাহত ৰখাটো ভাৰতৰ সংবিধানৰ ১৪ আৰু ২১ নং অনুচ্ছেদৰ লগতে আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত ভাৰতৰ বাধ্যবাধকতা উলংঘা কৰা হৈছে।
আবেদনখনত উল্লেখ কৰা হৈছে যে ভাৰতে ইজৰাইলক দিয়া সাহায্য, বিশেষকৈ সামৰিক সা-সৰঞ্জামকে ধৰি সামৰিক সাহায্য, যদিহে এই সাহায্য গণহত্যা চুক্তি, আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইন বা সাধাৰণ আন্তঃৰাষ্ট্ৰীয় আইনৰ অন্যান্য আদেশ উলংঘা কৰি ব্যৱহাৰ কৰা হয়, তেন্তে তৎক্ষণাত স্থগিত ৰাখিব লাগে।