স্কটলেণ্ডৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ বেটছমেনে বিধ্বংসী ৰূপ ধাৰণ কৰাৰ ফলত ভংগ হ’ল সকলো অভিলেখ। ট্ৰেভিছ হেডৰ নেতৃত্বাধীন দলটোৱে পাৱাৰপ্লে’ত ১১৩ ৰান সংগ্ৰহ কৰি টি-২০ ক্ৰিকেটত নতুন অভিলেখ ভংগ কৰে।
এই অভিলেখৰ আঁৰত ট্ৰেভিছ হেড। হেডে মাত্ৰ ২৫টা বলত ৮০ ৰানৰ ইনিংছ খেলিছিল। তেওঁৰ ইনিংছৰ ভিত্তিত অষ্ট্ৰেলিয়াই মাত্ৰ ৯.৪ অভাৰতে ১৫৫ ৰানৰ লক্ষ্যত উপনীত হয়।
এই ইনিংছটোত হেডে ৩২০ ষ্ট্ৰাইক ৰেটৰ সহায়ত এই বিস্ফোৰক ইনিংছটো খেলিছিল। পাৱাৰপ্লেত তেওঁ মুঠ ৭৩ ৰান সংগ্ৰহ কৰে, যিটো পাৱাৰপ্লে’ত এজন বেটছমেনৰ সৰ্বাধিক স্ক’ৰ।
টি-২০ আন্তঃৰাষ্ট্ৰীয় অভিলেখ ভংগ
পাৱাৰপ্লে’ত ১১৩ ৰান সংগ্ৰহ কৰি দক্ষিণ আফ্ৰিকাৰ অভিলেখ ভংগ কৰে অষ্ট্ৰেলিয়াই। এই সময়ছোৱাত অষ্ট্ৰেলিয়াই দ্বিতীয় অভাৰত ১৩ ৰান, তৃতীয় অভাৰত ২০ ৰান, চতুৰ্থ অভাৰত ১৯ ৰান, পঞ্চম অভাৰত ৩০ ৰান আৰু ষষ্ঠ অভাৰত ২৬ ৰান সংগ্ৰহ কৰে।
দক্ষিণ আফ্ৰিকাই যোৱা বছৰ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৬ অভাৰত ১০২ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ পূৰ্বে ২০২১ চনত ৱেষ্ট ইণ্ডিজে পাৱাৰপ্লেত ৯৮ ৰান সংগ্ৰহ কৰি অভিলেখ গঢ়িছিল।