পেৰিছ অলিম্পকত দুৰ্দান্ত প্ৰদৰ্শনৰ পিছতো পদকৰ পৰা বঞ্চিত হোৱা মল্লযুঁজাৰু বিনেশ ফ’গাটে এইবাৰ নামিব ৰাজনীতিৰ পথাৰত। হাৰিয়ানাত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত বিনেশ ফ’গাটে জুলানা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
শুকুৰবাৰে কংগ্ৰেছ দলত যোগদান কৰাৰ পিছতে ভাৰতৰ এইগৰাকী জনপ্ৰিয় মল্লযুঁজাৰুৱে টিকট লাভ কৰা বিষয়টোৱে দেশজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে।
ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুড্ডাই গাঢ়ি ছামপ্লা কিলৈ সমষ্টিৰ পৰা আৰু ৰাজ্যিক সভাপতি উদয় ভানে হোডাল সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
ভাৰতীয় মল্লযুঁজ ফেডাৰেছনৰ প্ৰাক্তন মুৰব্বী তথা বিজেপি সাংসদ বৃজভূষণ চৰণ সিঙৰ বিৰুদ্ধে নিৰ্যাতন তথা মানসিক অত্যাচাৰৰ অভিযোগ তুলি মল্লযুঁজাৰুসকলে আৰম্ভ কৰা আন্দোলনৰ অন্যতম আছিল বিনেশ ফ’গাট আৰু বজৰং পুনিয়া। এই দুয়োজন মল্লযুঁজাৰুৱে শুকুৰবাৰে কংগ্ৰেছ দলত যোগদান কৰে।
কংগ্ৰেছ দলত যোগদান কৰাৰ পিছতেই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘মল্লযুঁজৰ কেৰিয়াৰত মোক দেশবাসীৰ লগতে সংবাদ মাধ্যমে যথেষ্ট সহায় কৰাৰ বাবে ধন্যবাদ। মই কংগ্ৰেছ দলক ধন্যবাদ জনাইছো, কোৱা হয় যে কঠিন সময়ত আপোনাৰ লগত কোন থাকে। যেতিয়া আমাক ৰাজপথত চোচৰাই অনা হৈছিল সেই সময়ত বিজেপিক বাদ দি সকলো দল আমাৰ লগত আছিল’।