অনুৰাগীসকলৰ বাবে সুখবৰ। অৱশেষত সন্তানৰ মুখ দেখিলে দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে। বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে যোৱা ন মাহ ধৰি এই দিনটোৰ বাবে অধিৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল।
দেওবাৰে এটি কন্যা সন্তানৰ মাতৃ হ’ল দীপিকা পাডুকন। মুম্বাইৰ এইচ এন ৰিলায়েন্স চিকিৎসালয়ত এজনী কন্যা সন্তানৰ জন্ম দিয়ে দীপিকাই।
অভিনেত্ৰীগৰাকীক শনিবাৰে আবেলি মুম্বাইৰ গোৰেগাঁও অঞ্চলৰ এইচ এন ৰিলায়েন্স চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁৰ লগত ৰণবীৰ সিং আৰু পৰিয়ালৰ সকলো সদস্য উপস্থিত আছিল। ইয়াৰ আগতে ৬ ছেপ্টেম্বৰত দীপিকাই বাপ্পা দৰ্শন কৰিবলৈ সিদ্ধিবিনায়ক মন্দিৰত উপস্থিত হৈছিল।
বছৰটোৰ আৰম্ভণিতে, দীপিকা পাডুকনে সকলোৰে সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰি কয় যে, তেওঁ এগৰাকী সন্তানৰ মাতৃ হ’বলৈ গৈ আছে।
সূত্ৰঅনুসৰি, দীপিকাই তেওঁৰ চি-চেক্সনৰ জৰিয়তে কন্যা সন্তানটি জন্ম দিয়ে। দীপিকা আৰু ৰণবীৰে ইতিমধ্যে তেওঁলোকৰ সন্তানক আদৰণি জনোৱাৰ বাবে এই দিনটো বাছনি কৰি লৈছিল।
উল্লেখ্য যে, কেইদিনমান আগতে, দীপিকাই গৰ্ভধাৰণৰ ফটোশ্বুটৰ কিছুমান ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। অভিনেত্ৰীগৰাকীয়ে সোমবাৰে সন্ধিয়া নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ১৪ খন ফটো শ্বেয়াৰ কৰিছিল।