এগৰাকী বিবাহিত মহিলাই প্ৰেমত পৰে নিজৰেই স্বামীৰ সহোদৰৰ সৈতে। পিছত তেওঁ নিজৰ প্ৰেমিকৰ সৈতে দিল্লীলৈ পলাই যায়। পিছে এমাহৰ পিছতেই প্ৰেমিকে কৰে বিশ্বাসঘাতকতা।
এই ঘটনাটো বিহাৰৰ মুজাফ্ফৰপুৰৰ আহিয়াপুৰ আৰক্ষী থানা অঞ্চলৰ জামালাবাদৰ। ভুক্তভোগী মহিলাগৰাকী বিগত ৭ দিন ধৰি গাওঁবুঢ়াৰ ঘৰৰ সন্মুখতে বহি আছে। মহিলাগৰাকীয়ে অভিযোগ কৰে যে, গাওঁবুঢ়াৰ পুত্ৰ মনীষ, সম্পৰ্কত তেওঁৰ দেৱৰ। তেওঁলোক দুয়োৰে যোৱা পাঁচ বছৰ ধৰি এটা মধূৰ সম্পৰ্কত আছিল। দুয়ো গোপনে সময়ো কটাইছিল।
পিছে এমাহ আগতে, তেওঁ নিজৰ স্বামীক পৰিত্যাগ কৰি প্ৰেমিকৰ সৈতে দিল্লীলৈ পলাই গৈছিল। তাত তেওঁলোকে এটা মন্দিৰত বিবাহপাশত আৱদ্ধ হৈছিল, কিন্তু এমাহৰ পিছতেই, প্ৰেমিকে প্ৰেমিকাক এৰি পলাই-পত্ৰং দিয়ে।
মহিলাগৰাকীয়ে কয় যে, তেওঁ মনীষক বহুবাৰ ফোন কৰিছিল, কিন্তু তেওঁ কোনো সঁহাৰি পোৱা নাছিল। মই আনকি দিল্লীত কাকো চিনিও পোৱা নাছিল। এনে পৰিস্থিতিত, কিছুমান লোকে তেওঁক সহায় কৰিছিল, তেওঁলোকে ৰেলৰ টিকট কাটি দিয়াৰ লগতে সুকলমে ঘৰ পোৱাত সহায় কৰিছিল।
ইয়াৰ পিছত তেওঁ নিজৰ পূৰ্বৰ স্বামীৰ ওচৰলৈ গৈছিল, পিছে স্বামীয়েও তেওঁক নিজৰ সৈতে ৰাখিবলৈ অস্বীকাৰ কৰিছিল। আনকি তেওঁক স্বামীগৃহত ঘৰত প্ৰৱেশ কৰিবলৈও অনুমতি দিয়া নাছিল। যাৰ বাবে বিপাঙত পৰে মহিলাগৰাকী। সেয়েহে তেওঁ প্ৰেমিকৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীৰ ওচৰত দাবী উত্থাপন কৰে।