এখন OYO হোটেলৰ গৰাকীয়ে গ্ৰাহকৰ সৈতে কৰিলে এনে কাম কৰে, যাৰ বাবে পিছত আদালতে তেওঁক গধুৰ জৰিমনা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়ে।
কেৰালাৰ এৰ্নাকুলামৰ এজন ব্যক্তিয়ে অনলাইনত OYO হোটেলৰ এটা কোঠা বুক কৰিছিল। কিন্তু তেওঁ হোটেলত উপস্থিত হোৱাৰ লগে লগে তেওঁৰ সৈতে ঘটিল এনে এক কাণ্ড, যিটো তেওঁ সম্ভৱতঃ কেতিয়াও কল্পনাও কৰা নাছিল।
হোটেলৰ মালিকে গ্ৰাহকজনক কোঠা এটা দিবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰে। এই বিষয়টো ইমান বাঢ়ি যাই যে, তেওঁ গৈ আদালতত উপস্থিত হয়। আদালতে হোটেলৰ মালিকক ১,১০,০০০ টকাৰ জৰিমনা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়ে।
টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি, আদালতে হোটেলৰ মালিকৰ ওপৰত জৰিমনা আৰোপ কৰে আৰু কয় যে, অনলাইন বুকিংৰ জৰিয়তে কোঠাবোৰ পূৰ্ব-বুকিং কৰা স্বত্বেও, হোটেলৰ গৰাকীয়ে গ্ৰাহক আৰু তেওঁৰ পৰিয়ালক কোঠা ভাড়া দিবলৈ অস্বীকাৰ কৰে। যাৰ বাবে, হোটেলৰ গৰাকীয়ে গ্ৰাহকগৰাকীয়ে সন্মুখীন হোৱা সমস্যাবোৰৰ বাবে কৰিব লাগিব ক্ষতি বহন। সেয়েহে, হোটেলৰ গৰাকীয়ে জৰিমনা হিচাপে গ্ৰাহকজনক ১ লাখ টকা আৰু আদালতৰ ব্যয় হিচাপে ১০,০০০ টকা পৰিশোধ কৰিব লাগিব।
গ্ৰাহকজনে অভিযোগ কৰি কয় যে, তেওঁ নিজৰ সন্তান আৰু বৃদ্ধ পিতৃ-মাতৃৰ সৈতে ৰাতি হোটেললৈ গৈছিল। কিন্তু বুকিং কৰা স্বত্বেও, হোটেলৰ মালিকে তেওঁক কোনো কোঠা দিয়া নাছিল। সেই ৰাতি আন এখন হোটেল বিচাৰি পোৱাত তেওঁলোকৰ যথেষ্ট সমস্যা হৈছিল। অতি কষ্টেৰে তেওঁলোকে এখন হোটেল পাইছিল, য’ত তেওঁলোকে সেই ৰাতি উপস্থিত হয়।
গ্ৰাহকজনে দাখিল কৰা অভিযোগৰ ভিত্তিত আদালতে হোটেলৰ মালিকক ৩০ দিনৰ ভিতৰত এক লাখ টকা আৰু আদালতৰ ব্যয় হিচাপে ১০,০০০ টকাৰ ক্ষতিপূৰণ পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়ে।
উপভোক্তা আয়োগৰ অধ্যক্ষ ডি বি বিনু আৰু সদস্য ভি ৰামচন্দ্ৰন আৰু টি এন শ্ৰীবিদ্যাই কয় যে, হোটেলৰ গৰাকীয়ে অভিযোগকাৰীৰ পৰিয়ালৰ সৈতে বিশ্বাসঘাতকতা কৰিছে। ইয়াৰ ফলত কেৱল পৰিয়ালৰ আৰ্থিক ক্ষতি হোৱাই নহয়, মানসিক যন্ত্ৰণাও হৈছে। সেয়েহে, হোটেলৰ মালিকৰ ওপৰত এই জৰিমনা আৰোপ কৰা হৈছে।