মণিপুৰত পুনৰ কৰ্তন কৰা হ’ল ইন্টাৰনেট পৰিসেৱা। মণিপুৰ চৰকাৰে ৰাজ্যজুৰি ইণ্টাৰনেট সেৱা সাময়িকভাৱে বন্ধ কৰাৰ নিৰ্দেশ দিছে। অহা ১৫ চেপ্টেম্বৰলৈ সমগ্ৰ মণিপুৰত কৰ্তন কৰা হ’ব ইণ্টাৰনেট পৰিসেৱা।
ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভুল তথ্য আৰু প্ৰজ্বলনমূলক বিষয়বস্তু বিয়পি পৰাৰ উদ্বেগৰ প্ৰতি সঁহাৰি জনাই এই সিদ্ধান্ত লোৱা হৈছে। ৰাজ্যখনৰ আইন-শৃংখলাৰ পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।
উল্লেখ্য যে, মণিপুৰৰ বিভিন্ন ঠাইত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত বিভিন্ন স্থানত খণ্ড যুদ্ধ হোৱা দেখা গৈছে। আৰক্ষী আৰু সেনা বাহিনীয়ে প্ৰতিবাদকাৰীৰ প্ৰতি লক্ষ্য কৰি শূন্য লৈ গুলি আৰু গেছ নিক্ষেপ কৰে।
মণিপুৰৰ তিনি খন জিলাত আইন পৰিস্থিতি উত্তপ্ত হোৱাৰ ফলত সান্ধ্য আইন জাৰি কৰা হৈছে। মণিপুৰৰ ইম্পাল ইষ্ট , উষ্ঠত আৰু থৌবাল জিলাত সান্ধ্য আইন জাৰি কৰা হৈছে। তিনি জিলাৰ এই পৰিস্থিতিক লৈ জিলা প্ৰশাসনে জাৰি কৰিলে সান্ধ্য আইন।
মণিপুৰত মিথেই আৰু কুকি সম্প্ৰদায়ৰ গোষ্ঠী সংঘৰ্ষৰ ফলতেই এই ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইফালে, অহা ১২ ছেপ্তেম্বৰলৈ মণিপুৰৰ সকলো শিক্ষা-প্রতিষ্ঠান, মহাবিদ্যালয় বন্ধৰ ঘোষণা কৰা হৈছে। শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।
এই দুই সম্প্ৰদায়ৰ গোষ্ঠী সংঘাতে মণিপুৰত ভয়ংকৰ ৰূপ লোৱাৰ সম্ভাৱনা আছে। আনফালে, ছাত্ৰ সমাজৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে মণিপুৰ। দুই দিন ধৰি মণিপুৰত ছাত্ৰ সকলৰ এই প্ৰতিবাদ অব্যাহত হৈ আছে।