এন আই এ-এটিএছৰ এখন বিশেষ আদালতে মৌলানা উমৰ গৌতম আৰু মৌলানা কলিম চিদ্দিকীকে ধৰি ১২ জন অভিযুক্তক অবৈধ ধৰ্মান্তৰকৰণৰ গোচৰত আজীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। ইয়াৰ উপৰিও, বাকী ৪ জন অভিযুক্তক আদালতে ১০ বছৰৰ শাস্তি প্ৰদান কৰিছে।
এই অভিযুক্তসকলক ৰাহুল ভোলা, মান্নু যাদৱ, কুনাল অশোক চৌধুৰী আৰু চেলিম বুলি চিনাক্ত কৰিছে। আদালতে মঙলবাৰে তেওঁলোক সকলোকে দোষী সাব্যস্ত কৰিছিল।
এই ঘটনাটো হৈছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ। উত্তৰ প্ৰদেশ এটিএছে কয় যে, মৌলানা কলিম চিদ্দিকী, উমাৰ গৌতম আৰু মুফতি কাজী জাহাংগীৰ আলমে সমগ্ৰ দেশতে অবৈধ ধৰ্মান্তকৰণৰ এখন ৰেকেট চলাই আহিছিল। তেওঁলোক সকলোকে ভাৰতীয় দণ্ডবিধিৰ ধাৰা 417, 120B, 153A, 153B, 295A, 121A, 123 ধাৰা আৰু বেআইনী ধৰ্মান্তকৰণ আইনৰ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰা হৈছিল।
এই গোচৰটোত মুঠ ১৭ জন অভিযুক্ত আছিল, যাৰ ভিতৰত ১৬ জনক দোষী সাব্যস্ত কৰা হৈছিল। ইউপি এটিএছে ২০২১ চনৰ জুনমাহত তেওঁলোকৰ সকলোৰে বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছিল। পৰৱৰ্তী সময়ত, সেই বছৰৰ ছেপ্টেম্বৰ মাহত, অনুসন্ধানৰ পিছত, সংস্থাটোৱে মিৰাটৰ পৰা চিদ্দিকীক গ্ৰেপ্তাৰ কৰে। একে সময়তে, এটিএছে দাবী কৰে যে, তেওঁ সমগ্ৰ দেশৰ সৰ্ববৃহৎ ধৰ্মান্তকৰণৰ চিণ্ডিকেট চলায়।