ডায়বেটিছ হৈছে এক দীৰ্ঘস্থায়ী ৰোগ, যি আমাৰ দেশত মহামাৰীৰূপে দেখা দিছে। সমগ্ৰ বিশ্বৰ ভিতৰতে আমাৰ দেশত আটাইতকৈ সৰহসংখ্যক ডায়বেটিছ ৰোগী আছে। এই ডায়েবেটিছ ৰোগীয়ে ৰক্তশৰ্কৰাৰ মাত্ৰা স্বাভাৱিক কৰি ৰাখিবলৈ সঠিক আহাৰ গ্ৰহণ কৰাটো আৱশ্যক। এই খাদ্যসমূহ হ’ল-
- মিঠা আলু
মিঠা আলুত আঁহ আৰু ভিটামিন থাকে আৰু ই হজম শক্তি উন্নত কৰিব পাৰে৷ লগতে মিঠা আলুয়ে আমাৰ তেজৰ চেনি নিয়ন্ত্ৰণ কৰে আৰু ওজন হ্ৰাস কৰাত সহায় কৰে৷ স্বাস্থ্যকৰ কাৰ্বৰ বাবে মিঠা আলু এক উত্তম বিকল্প৷
- মেথি
মেথি হৈছে ডায়েবেটিচৰ বাবে সৰ্বশ্ৰেষ্ঠ প্ৰতিকাৰ। দুই টেবল চামুচ মেথিগুটি এক গিলাচ পানীত ৰাতিটোৰ ভিতৰত তিয়াই ৰাখি ৰাতিপুৱা সেই পানী খাব লাগে। মেথি বীজৰ জৈৱিক উপাদানে ইনচুলিন উদ্দীপিত কৰে। ই ষ্টাৰ্চ গ্লুকোজলৈ পৰিৱৰ্তন হোৱাৰ প্ৰক্ৰিয়াটো লেহেম কৰে, কিয়নো ইয়াত উচ্চ পৰিমাণৰ আঁহ থাকে, যি ডায়েবেটিচ থকা লোকসকলক সহায় কৰে।
- তিয়ঁহ
তেজত চেনীৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবে চিকিৎসকসকলে তিয়ঁহ খোৱাৰ পৰামৰ্শ দিয়ে। দৈনিক আহাৰত যিজনে তিয়ঁহ অন্তৰ্ভূক্ত কৰে, তেওঁৰ ডায়েবেটিচ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। ইয়াৰ উপৰিও, তিয়ঁহে হজম বৃদ্ধি কৰাত সহায় কৰে। ইউএচডিএ অনুসৰি তিয়ঁহত ১০ কেলৰি থাকে। ইয়াক কেৱল চালাডত নহয় চেণ্ডউইচতো খাব পাৰি।
- এলো ভেৰা
এলো ভেৰা জেলত ফাইটোষ্টেলাৰ নামৰ শক্তিশালী উপাদান থাকে, যি ডায়েবেটিচ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। এক অধ্যয়নে দেখুৱাইছে যে, ফাইটোষ্টেলাৰৰ এণ্টিহাইপাৰ গ্লাইচেমিক প্ৰভাৱ আছে, যি প্ৰকাৰ দুই ডায়বেটিছ থকা লোকসকলৰ বাবে উপকাৰী। হালধি, তেজপাত আৰু এলো ভেৰা জেল পানীৰ স’তে মিহলি কৰি দিনত দুবাৰ কৈ খাব লাগে।
- বেৰী
স্বাভাৱিকতে এই ফলবিধ সোৱাদত মিঠা চকলেটৰ দৰে, যি এন্টিঅক্সিডেন্ট আৰু ফাইবাৰেৰে ভৰপূৰ৷ ইয়াক দৈত মিহলাইও খাব পাৰি বা গোটাকৈও বেৰীক উপভোগ কৰিব পাৰি৷