জম্মু-কাশ্মীৰৰ বাৰামুল্লাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত নিশাৰ পৰা চলা সংঘৰ্ষত শনিবাৰে তিনিজন সন্ত্ৰাসবাদী নিহত হয়। আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে।
আৰক্ষীয়ে জনোৱা মতে, নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ পিছতেই শুকুৰবাৰে গভীৰ নিশা উত্তৰ কাশ্মীৰ জিলাৰ পট্টান অঞ্চলৰ চক তপ্পাৰ ক্ৰীৰীত নিৰাপত্তা বাহিনীৰ এটা দলে অঞ্চলটো ঘেৰাও কৰি লৈ তালাচী অভিযান আৰম্ভ কৰে।
আৰক্ষী বিষয়া এজনে জনোৱা মতে, অঞ্চলটোত তালাচী অভিযান চলাই থকাৰ সময়তে খাপ পিটি থকা সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰে, তাৰ পিছত তেওঁলোকৰ মাজত এনকাউণ্টাৰ আৰম্ভ হয়।
আৰক্ষী বিষয়াগৰাকীয়ে কয় যে নিৰাপত্তা বাহিনীয়ে নিশাই অঞ্চলটো ঘেৰাও কৰি লৈছিল আৰু পুৱা হোৱা এনকাউণ্টাৰত এজন সন্ত্ৰাসবাদী নিহত হয়। সন্ত্রাসবাদীজনক চিনাক্ত কৰাৰ লগতে তেওঁ কোনটো সংগঠনৰ সৈতে জড়িত সেই কথাও জানিবলৈ প্রয়াস কৰা হৈছে৷
বিষয়াগৰাকীয়ে কয় যে অঞ্চলটোত এতিয়াও তালাচী অভিযান চলি আছে।












